বিজেপিৰ কাৰ্য্যালয়ত বাজপেয়ী সোঁৱৰণীত শ্ৰদ্ধাঞ্জলি অনুস্থান

আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সোঁৱৰণীত শ্ৰদ্ধাঞ্জলিঅনুস্থিত কৰা হয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বিয়লি ৫ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ অনা হয় জননেতা অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম তথা অস্থি কলহ । দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী তথা বিজেপিৰ পিতামহ স্বৰূপ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদগতি কামনা কৰি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে অনুস্থিত হয় এক নাম প্ৰসঙ্গ অনুষ্ঠান । যত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , ৰাজ্যিক সভাপতি ৰঞ্জিত দাস , সাংসদ বিজয়া চক্ৰৱৰ্তী লগতে বিজেপিৰ বহু কেইগৰাকী জেষ্ঠ নেতা । আজি নিশাটো চিতাভস্ম ৰাখিব বিজেপিৰ কাৰ্যালয়তে। কাইলৈ দিনৰ ভাগত বিসৰ্জন দিয়া হ’ব জননেতাগৰাকীৰ চিতাভস্ম। গুৱাহাটী, ডিব্ৰগড়, ধুবুৰী আৰু শিলচৰত বিসৰ্জন দিয়া হ’ব চিতাভস্ম । কাইলৈ পুৱা ৮ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা কাৰ্বি যুৱ সংঘৰ খেলপথাৰলৈ নিয়া হব চিতাভস্ম আৰু তাতেই দিনৰ ১ বজালৈকে গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি । ২.৩০ বজাত কাছমাৰী ঘাটলৈ নিব বাজপেয়ীৰ চিতাভস্ম আৰু ৫ বজালৈকে তাতে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি । তাৰ পিছতে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হব প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ চিতাভস্ম ।