Begin typing your search above and press return to search.

বিজেপিৰ জনপ্ৰিয়তাত সংকিত সমাজবাদী-বহুজন সমাজবাদী পাৰ্টি:নৰেন্দ্ৰ মোদী

বিজেপিৰ জনপ্ৰিয়তাত সংকিত সমাজবাদী-বহুজন সমাজবাদী পাৰ্টি:নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 10:16 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে মিত্ৰজোট সমাজবাদী পাৰ্টি- বহুজন সমাজবাদী পাৰ্টিয়ে জনসাধাৰণৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয়তা দেখি সংকিত হৈ পৰিছে ।

অযোধ্যাৰ ওচৰত আম্বেদকাৰ নগৰত এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে । লগতে কয় যে মোদীৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন দেখি সমাজবাদী পাৰ্টি- বহুজন সমাজবাদী পাৰ্টিৰ সংকিত হৈ পৰিছে। সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিয়ে নিৰ্বাচনী প্ৰচাৰত বি আৰ আম্বেদকাৰ আৰু ৰাম মনোহৰ লহিয়া নাম ব্যৱহাৰ কৰিছে কিন্তু কামত তেওলোকৰ আদৰ্শ ৰূপায়ণ কৰা নাই ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে কংগ্ৰেছে হওক বা সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিয়ে একে কামে কৰে। মায়াবতীয়ে বাবাচাহেব আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰি প্ৰচাৰ চলাই কিন্তু কামত আম্বেদকাৰৰ আদৰ্শৰ মিল নাই ।

মোদীয়ে প্ৰকাশ কৰে যে তেওঁ দুখীয়া সকলৰ দুখ বুজি পাই আৰু তেওঁলোকৰ সমস্যাৰ লগতে সংগ্ৰামো । এই অনুষ্ঠানতে মোদীয়ে আয়ুস্মান আচনিৰ কথা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, কোনো চাহ বিক্ৰেতাই নিবিছাৰে যে তেওঁৰ সন্তান চাহ বিক্ৰেতাই হওঁক । দুখীয়া সকলে উন্নতি বিচাৰে, সেয়েহে বিজেপিয়ে দুখীয়া সকলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে । ২০১৪ চনত মোদী ক্ষমতালৈ অহাৰ পাছত মোদী প্ৰথম বাৰৰ বাবে অযোধ্যা ভ্ৰমণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেলীত বিয়লি ভাগত মায়া বজাৰত সম্বোধন কৰাৰ কথা। মায়া বজাৰ ১৬ শ শতিকাৰ অযোধ্যাৰ মচজিদৰ পৰা ২৫ কিলমিটাৰ নিলগত । ১৯৯২ চনত এই মচজিদটো ভগৱান ৰামৰ জন্ম ভূমিত থকা বুলি ধ্বংস কৰি দিয়া হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি