Begin typing your search above and press return to search.

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উত্তৰ পূৰ্বাঞ্চলত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উত্তৰ পূৰ্বাঞ্চলত নিৰ্বাচনী প্ৰচাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 April 2019 8:37 AM GMT

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি উত্তৰ পূৰ্বাঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই । অৰুণাচল প্ৰদেশ, মনিপুৰ আৰু অসমত নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ।

ইতিমধ্যে অৰুণাচল প্ৰদেশৰ চাঙলং জিলাৰ বৰডুমচাত বিশাল ৰেলীত অংশগ্ৰহণ অমিত শ্বাহৰ । অৰুণাচল প্ৰদেশ অৰ্থনৈতিক ভাবে স্বাধীন হব বুলি প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ।

বৰডুমচাত বিশাল জনসভাক সম্বোধন কৰি অমিত শ্বাহে কয় অৰুণাচল প্ৰদেশে ৰেভিনিউ ৯২৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । এয়া কেৱল সম্ভৱ হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ বাবে , যাৰ কাৰণে অৰ্থনৈতিক ভাৱে স্বাধীন হব অৰুণাচল প্ৰদেশ।

শ্বাহে লগতে প্ৰকাশ কৰে যে মোদী চৰকাৰে ইটানগৰ আৰু পাচিঘাটক স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰিবলৈ ইতিমধ্যে কাম আৰম্ভ কৰিছে । অৰুণাচল প্ৰদেশৰ বিধান সভাৰ সকলো আসনৰ বাবে বিজেপি য়ে প্ৰথম বাৰ যুঁজ দিছে বুলি প্ৰকাশ কৰে । ইতিমধ্যে ৩ জন বিধায়কে বিনা প্ৰতিদন্দ্বিতাৰে জয় হৈছে বুলি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী সকলক প্ৰত্যেক দুই সপ্তাহৰ ভিতৰত এবাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ কৰিবলৈ নিৰ্দেশ দিছে । আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমুহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমাধান কৰিবলৈ কৈছে বুলি প্ৰকাশ কৰে। বৰ্তমান উত্তৰ পূৰ্বাঞ্চল বায়ু সেৱা আৰু ৰেল সেৱাৰ যোগেদি যোগাযোগৰ ব্যবস্থা সুচল হৈ পৰিছে আৰু চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ নিৰ্মাণৰ বাবে ৫০,০০০ কোটি অনুদান দিছে বুলিও অমিত শ্বাহে প্ৰকাশ কৰে।

পাঁচ বছৰৰ আগলৈকে উত্তৰ পূৰ্বাঞ্চল অশান্ত জৰ্জৰ আছিল, উন্নয়নৰ মুখ দিয়া হোৱা নাছিল কিন্তু আজি পাঁচ বছৰৰ পাছত বিজেপি চৰকাৰ অহাৰ পিছত উত্তৰ পূৰ্বাঞ্চল শান্ত হোৱাৰ লগতে যথেষ্ট উন্নয়ন হৈছে বুলি প্ৰকাশ কৰে ।

অৰুণাচল প্ৰদেশৰ পাছত অমিত শ্বাহে মনিপুৰ আৰু অসমৰ জাগীৰোডত নিৰ্বাচনী প্ৰচাৰৰ চলাব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি