বিজেপি চৰকাৰক তীব্ৰ হুংকাৰ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ

সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত চুতীয়া জনগোষ্ঠীৰ বিজেপিৰ চৰকাৰলৈ তীব্ৰ হুংকাৰ যে আগন্তক লোকসভা নিৰ্বাচনত প্ৰতাৰণাৰ ফল ভোগ কৰিব লাগিব বিজেপি দ’ল আৰু চৰকাৰে। চুতীয়া জলগোষ্ঠীক চুড়ান্ত প্ৰতাৰণা কৰিলে বিজেপি দল আৰু চৰকাৰে ৷ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ স্থায়ী সমাধানৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতাত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।
জনগোষ্ঠীটোৰ সমস্যা সমূহ সমস্যা হৈয়ে ৰ’ল। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জন্ম লগ্নৰে পৰা চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ ময্যৰ্দা প্ৰদান কৰা,ঐতিহাসিক চুতীয়া ৰাজ্য শদিয়াৰ প্ৰাচীন কৃৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰা ৭ বহাগৰ সাধনী দিৱসৰ দিনটো চৰকাৰী বন্ধ তালিকাত অন্তৰ্ভূক্ত কৰা,চুতীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশ্ববিদ্যালয়, চিকিৎসালয় মহাবিদ্যালয়, কাৰিকৰী মহাবিদ্যালয়ত সুকীয়াকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দীৰ্ঘদিনৰ পৰা নিৰবিছিন্ন ভাৱে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ কাৰণে বহুবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ আৰু স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে ।
কিন্তু এই পৰ্য্যন্ত মুখ্যমন্ত্ৰী সোনোৱালে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে ৷ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ লগত সন্থাৰ কেইবা লানিত দ্বি পাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত নহ’ল ৷ ইফালে বগীবিল দলঙখনৰ সন্দৰ্ভত চুতীয়া জনগোষ্ঠীৰ মন্তব্য যে বগীবিল দলঙৰ মুকলি অনুষ্ঠানত দলঙৰ নাম বীৰাংগনা সতী সাধনী সেতু নামকৰণ কৰা ন’হল ৷ অন্যহাত,২০১৯ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত ৭ ব’হাগ সাধনে দিৱসৰ দিনটোক অন্তৰ্ভুক্ত কৰা ন’হল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰি ভৱিষ্যতে জনগোষ্ঠীৰ আবেগ অনুভূতিৰ লগত নেখেলিবলৈ সকীয়াই দিয়ে ৷
উল্লেখ্য যে আগন্তক লোকসভা নিৰ্বাচনত জনগোষ্ঠীটোৱে ঘৰে ঘৰে গৈ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অৱগত কৰাৰ লগতে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ নকৰিবলৈ এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিৰোদ শইকীয়া আৰু সাধাৰণ সম্পাদক মহেন বৰাই ৷ গতিকে লোকসভাৰ নিৰ্বাচনৰ কাৰণে ককাঁলত টঙালী বন্ধাৰ সময়তে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ এই প্ৰতিক্ৰিয়াত ৰাজ্য চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যনীয় ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি