Begin typing your search above and press return to search.

বিজেপি চৰকাৰ পুনৰ গঠন হলে ভাৰত অধিক শক্তিশালী হব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিজেপি চৰকাৰ পুনৰ গঠন হলে ভাৰত অধিক শক্তিশালী হব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2019 12:02 PM GMT

লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰ পুনৰ গঠন হলে ভাৰত অধিক শক্তিশালী হব বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন্ত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু জেষ্ঠ বিজেপিৰ নেতা এল কে আদৱানীলৈ সন্মান প্ৰদৰ্শন কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।দলৰ প্ৰতিস্থা দিবসৰ উপলক্ষ্যে উৰিষ্যাৰ সুন্দৰঘাটৰ ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ।

আজিৰ দিনতোতে ৩৯ বছৰৰ পুৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ দলটো গঠন হৈছিল বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

মোদীয়ে লগতে এল কে আদৱানী আৰু মুৰুলী মনোহৰৰ লগতে আন জেষ্ঠ বিজেপি নেতা সকললৈ সন্মান প্ৰদৰ্শন কৰে । এল কে আদৱানী আৰু মুৰুলী মনোহৰ যচীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অবতীৰ্ণ নহয় । সূত্ৰয়ে প্ৰকাশ কৰা মতে দুয়োজন জেষ্ঠ নেতায়ে দলৰ নিৰ্বাচনৰ টিকটৰ এই সিদ্ধান্তত সুখী নহয় বুলি প্ৰকাশ কৰিছে ।

পুলোৱামাত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল । তাৰ পাছতে ভাৰতৰ বায়ু সেনাই বালাকোটত আক্ৰমণ কৰা কথাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে । লগতে ২০১৬ চনত কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথাত প্ৰকাশ কৰে । চৰকাৰ খনে সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰে । উৰিত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পিছতে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ভাৰতীয় সেনায়ে ।

ভাৰতে এতিয়া সন্ত্ৰাসবাদীৰ ঘৰত সোমাই হত্যা কৰি আহিছে আৰু পুৰ্বতে ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কোনেও ভাবিব পৰা নাছিল, কোনেও সীমান্ত পাৰ হৈ আক্ৰমণ কৰাৰ কথা কল্পনা কৰা নাছিল বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । জনসমাগমক উদ্দেশ্য কৰি কয় জনসাধাৰণৰ বাবেই বিজেপি শক্তিশালী হৈছে আৰু ভাৰতো ।

প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু উৰিষ্যাৰ শাসক দল বি জে ডিক সমালোচনা কৰি কয় যে ৰাজ্যখন পিচ পৰি থকাৰ মূলতে হৈছে কংগ্ৰেছ আৰু বি জে ডি । লগতে কয় ৰাজ্যখনৰ লোকসকল কঠোৰ পৰিশ্ৰমী কিন্তু এই লোকসকলৰ লগতে চৰকাৰ খনে ন্যায় কৰা নাই বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি