Begin typing your search above and press return to search.

বিজেপি চৰকাৰ প্ৰতাৰক: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বিজেপি চৰকাৰ প্ৰতাৰক: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2019 8:08 AM GMT

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰসংগলৈ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ খনক সমালোচনা কৰি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰ দুয়োখনে বিদেশী প্ৰসংগলৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণক প্ৰবঞ্চনা কৰিছে। শিলচৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সংসদত গৃহীত কৰা হব বুলি কৰা মন্তব্যৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি চেণ্টিনেলৰ আগত কয় যে নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমলৈ আহি বিজেপি ক্ষমতালৈ আহিলে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি মন্তব্য কৰিছিল কিন্তু লোকসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে বাংলাদেশীক ৰঙা দলিছাহে পাৰি দিলে, প্ৰধানমন্ত্ৰী মোডীৰ এনে কাৰ্য্যই তেওঁ অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ যে বিৰোধী নীতি গ্ৰহণ কৰিছে সেই কথা প্ৰমাণ কৰিলে বুলি চাংমাই সমালোচনা কৰে।

এয়া অসমৰ জনসাধাৰণৰ প্ৰতি বিজেপি চৰকাৰে কৰা এক চৰম প্ৰতাৰণা। অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিপক্ষে ব্যাপক প্ৰতিবাদ চলি থকাৰ সময়তে যুতীয়া সংসদীয় সমিতিয়ে বিধেয়কখন সম্বন্ধে ফাইনেল ৰিপোৰ্ট দাখিল কৰা কথাটোৱে অসমীয়া জাতীয়তাবাদৰ প্ৰতি কৰা এক অপমাণ। এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰা হব বুলি স্পষ্ট ভাবে কৈছে, প্ৰধান মন্ত্ৰীয়ে অসমৰ সমস্যা সমাধানৰ চেষ্টা কৰাৰ বিপৰীতে ৰাজ্যত নতুন সমস্যাৰ সৃষ্টিহে কৰিছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনে মত প্ৰকাশ কৰে। আমি কেতিয়াও চৰকাৰৰ সিদ্ধান্তৰ বাবে বহি নাথাকো, আমি ৰাজ্যজুৰি অসমৰ বিজেপি চৰকাৰখনৰ বিপক্ষে প্ৰতিৰোধ গঢ়ি তুলিম বুলি চাংমাই সকীয়নি প্ৰদান কৰে। আমি ৰাজ্যৰ সকলো জনসাধাৰণকে আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে থিয় দিবলৈ অনুৰোধ কৰিছো।

অসমত সকলো সদৌ অসম ছাত্ৰ সন্থাকে সামৰি সকলো ছাত্ৰ সংগঠনে শুক্ৰবাৰে প্ৰধন মন্ত্ৰী মোডীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদেও প্ৰধান মন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিবাদ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যইয়ো প্ৰধান মন্ত্ৰীৰ শিলচৰত কৰা মন্তব্যৰ বিৰোধিতা কৰি ৰাজ্যজুৰি ইয়াৰ বিপক্ষে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ অন্য ত্ৰিশটা জাতি-জনগোষ্ঠিক ভবিষ্যত কাৰ্য্যপ্ৰণালী গ্ৰহণ কৰাৰ বাবে আলোচনালৈ আমন্ত্ৰণ জনাইছে। অসম কেতিয়াও বাংলাদেশীৰ বোজা কঢ়িওৱা ডাষ্টবিন নহয়, ১৯৭১ চনৰ পিছত অহা হিন্দু-মুছলমান সকলো ধৰ্মৰ লোকেই অসম এৰি যাব লাগিব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে মন্তব্য কৰে। অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰতিবাদত বহু পূৰ্বৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে, কালি প্ৰধান মন্ত্ৰীৰ ব্যক্তব্যৰ পিছত অসমৰ পৰিস্থিতি ভিতৰি উত্তপ্ত হৈ পৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি