Begin typing your search above and press return to search.

বিজেপি ত্যাগ কৰিলে সোণোৱালক সমৰ্থন জনাব কংগ্ৰেছে

বিজেপি ত্যাগ কৰিলে সোণোৱালক সমৰ্থন জনাব কংগ্ৰেছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2019 6:13 AM GMT

অসম বিধান সভাৰ বিৰোধী দলপতি কংগ্ৰেছৰ বিধায়ক দেবব্ৰত শইকীয়াই কয় যে বৰ্তমান ৰাজ্যৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবেই ৰাজনৈতিক সুযোগৰ কথাই কওঁক বা অন্য কাৰণতে হওঁক নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতা কৰি যদিহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন আন ৰাজ্যভক্তি থকা বিধায়কৰ সৈতে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি ওলাই আহে তেনেহলে কংগ্ৰেছ দলে সোণোৱালৰ এই সিদ্ধান্তক সমৰ্থন কৰিব। কংগ্ৰেছৰ বিৰোধি দলপতি জনৰ ফালৰ পৰা এই প্ৰস্তাৱ ৰাজ্যখন নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ আৰু জনজাতিকৰণ সংশোধনী বিধেয়ক-২০১৯ ৰ প্ৰসংগ লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে উত্থাপন কৰা হৈছে।

লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত এই বিধেয়ক এতিয়ালৈ গৃহীত হোৱা নাই। বিৰোধী দলপতিয়ে শইকীয়াই দিছপুৰত চৰকাৰ গঠন কৰাৰ বাবে নতুন সমীকৰণ প্ৰস্তুত কৰিছে। এই সমীকৰণ অনুযায়ী সৰ্বানন্দ সোণোৱালক ধৰি ২৫ জন বিধায়ক, অসম গণ পৰিষদৰ পৰা ১৪ জন বিধায়ক আৰু বাকী থকা কংগ্ৰেছৰ বিধায়কৰ সমৰ্থনত নতুন চৰকাৰ গঠন কৰিব। বৰ্তমান অসম বিধানসভাত কংগ্ৰেছৰ ২৫ জন বিধায়ক আছে। শইকীয়াই কয় যে কংগ্ৰেছে অসমক নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত কৰাৰ পৰা ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰৰ ত্যাগ কৰিবলৈ সাজু আছে।

ইতিমধ্যে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিজৰ দলৰ ভিতৰতে এক লবী গঠন হোৱা বুলি বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে। সাংবাদিকে শইকীয়াক নতুন কৈ চৰকাৰ গঠন কৰিবলগীয়া সমীকৰণ কংগ্ৰেছৰ ৰিমোট নিয়ন্ত্ৰণাধীন হব নেকি বুলি সোধা প্ৰশ্ন সন্দৰ্ভত কয় যে এই ক্ষেত্ৰত কংগ্ৰেছে সদায় সহযোগি দলৰ চিন্তাধাৰাক সমৰ্থন জনাই।অসমৰ ৰাজনৈতিক অস্থিৰতাৰ সময়ত কংগ্ৰেছৰ এই মন্তব্যই তাৎপৰ্য বহন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

Next Story
চাকৰি