
দুলীয়াজান বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী দলৰ বিধায়ক তেৰছ গোৱালাই পদত্যাগ কৰাত সৰ্বত্তে চাঞ্চল্য সৃষ্টি হৈছে । অসম চৰকাৰে সোমবাৰে নিযুক্তি দিয়া নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদৰ নিযুক্তিত খেলিমেলিৰ অভিযোগ তুলি পদত্যাগ কৰিছে বিধায়ক জনে ।
শদিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী দলৰ বিধায়ক বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত গোৱালাই পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে । সোমবাৰে ৰাজ্য চৰকাৰে বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ।
ইতিমধ্যে বিধায়ক তেৰছ গোৱালাই দলীয় সকলো দায়িত্বৰ পৰা অব্যাহতি লৈছে বুলি জানিব পৰা গৈছে । দুলীয়াজানৰ বিধায়ক জনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ পত্ৰ কৰেনে নকৰে আৰু ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে সময়ত লক্ষনীয় হব ।