বিজেপি সৈতে বিপিএফৰ মিত্ৰতা অটুট থাকিব : হাগ্ৰামা মহিলাৰী

"জগত গুৰু শ্ৰী মন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱালৈ মই শতকোটি প্ৰণাম জনাইছো" এই মন্তব্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চহৰীয়াত নগাঁও জিলা বড়ো সাহিত্য সভাৰ ৩০ সংখৎক বাৰ্ষিক অধিবেশনৰ এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বি টি চি প্ৰধান গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে অসমৰ খীলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ সামূহিক নিৰাপত্তাৰ স্বাৰ্থত বি জে পি ,অ গ প আৰু বি পি এফ ঐক্যবদ্ধ হৈছিল। বি জে পিৰ সৈতে এই মিত্ৰতা আগন্তুক সময়তো অটুত থাকিব বুলি তেও কয় ।আগন্তুক সময়ত কংগ্ৰেছ আৰু ইউ ডি এফ ৰ দৰে শক্তি কেতিয়াও ক্ষমতা লৈ নাহে বুলি কটাক্ষ কৰি জনজাতীয় ৰাইজক বিজেপিৰ পক্ষত ভোট দিয়াৰ আহ্বান জনাই তেওঁ নিজৰ ভাষণত কয় যে বড়ো স্বায়ত্ত শাসিত পৰিষদে অতি সোনকালে বিটিচি এলেকাৰ বাহিৰত থকা জনগোষ্ঠীয় লোককো সামৰি ল'ব ।
নগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰশান্ত বড়োৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশেশ্বৰ বসুমতাৰী,বড়ো সকলৰ মহিলা নেত্ৰী বিভাৰাণী বসুমতাৰী, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতি থাকে। স্থানীয় বিধায়িকা গৰাকীৰ উপস্থিতিত অনুষ্ঠিত সভাত হাগ্ৰামাই বড়ো সকলৰ বাথৌ মন্দিৰৰ উন্নয়ন কল্পে তিনি লক্ষ টকা ,বড়ো মাধ্যমৰ চহৰীয়া জনজাতি হাইস্কুলৰ উন্নয়নকল্পে তিনি লক্ষ টকা আৰু গুৰু জনাৰ জন্মস্থান বটদ্ৰৱা থানৰ বাবে তিনি লক্ষ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে । সভাত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই চহৰীয়া জনজাতীয় হাইস্কুলৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে দহ লক্ষ টকাৰ অনুদান ঘোষণা কৰে ।