Begin typing your search above and press return to search.

সমগ্ৰ দেশজুৰি বিজেপিৰ বৃহৎ বাইক ৰেলী: মধ্যপ্ৰদেশত অমিত শ্বাহৰ অংশগ্ৰহন

সমগ্ৰ দেশজুৰি বিজেপিৰ বৃহৎ বাইক ৰেলী: মধ্যপ্ৰদেশত অমিত শ্বাহৰ অংশগ্ৰহন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2019 11:22 AM GMT

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ অভিনব প্ৰচাৰ অভিযান । সমগ্ৰ দেশতে আজি বিজেপিৰ কৰ্মী সকলে বাইক ৰেলীত অংশগ্ৰহণ কৰে । সমগ্ৰ দেশতে ৩,৫০০ বাইকেৰে বিজেপিয়ে আজি ৰেলী উলিয়াই । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে মধ্যপ্ৰদেশৰ উমাৰিয়াত বাইক ৰেলীৰ শুভাৰম্ভি কৰে । আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে দিল্লীত বাইক ৰেলীৰ শুভাৰম্ভি কৰে ।

'বিজয় সংকল্প' ৰেলীত সমগ্ৰ দেশতে আজি ৩,৫০০ স্হানত উলিওৱা হয় । স্হান সমুহৰ ভিতৰত উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ, পশ্চিম বঙ্গ, বিহাৰ, তামিলনাডু , মধ্যপ্ৰদেশ, কৰ্ণাটক, ৰাজস্থান, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, কেৰেলা,অসমত আজি বাইক ৰেলী উলিয়াই বিজেপিৰ কৰ্মী সকলে। বাইক ৰেলীৰ জৰিয়তে সমগ্ৰ দেশতে নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিয়ে। বাইক ৰেলীত অংশগ্ৰহণ কৰি অমিত শ্বাহে কংগ্ৰেছক কটাক্ষ্য কৰি বালাকোটত ভাৰতীয় সেনাৰ বীৰত্বৰ কথা উল্লেখ কৰে ।

অসমৰো বিভিন্ন স্থানত বিজেপি কৰ্মী সকলে বাইক ৰেলীত অংশগ্ৰহণ কৰে |যুৱমৰ্চাৰ সমুহ কৰ্মকৰ্তাৰ সহযোগত বটদ্ৰৱাত শনিবাৰে " বিজয় সংকল্প ৰেলীৰে " প্ৰদৰ্শন কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি ৷যুৱ শক্তিক মূল আধাৰ হিচাপে লৈ সমষ্টিটোত উলিওৱা হয় এক সুবিশাল সমদল |যত বিধায়িকা আঙুৰলতাই নিজে স্কুটি চলাই যুৱচামকলৈ বিজেপি চৰকাৰৰ হৈ প্ৰচাৰ চলালে বটদ্ৰৱা সমষ্টিত । তাৰ উপৰিও বটদ্ৰৱাত শনিবাৰে কেইবাটাও সমবায়ত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা অন্ন শুভ উদ্বোধন কৰিলে আঙুৰলতাই ।

নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বাইক ৰেলী। হাজাৰ হাজাৰ কৰ্মীৰ লগতে অংশ গ্ৰহণ নগাঁৱৰ বিধায়ক ৰূপক শৰ্ম্মাৰ। আগন্তুক ২০১৯ চনৰ নিৰ্বাচনৰ বিজয়ৰ লক্ষ্যৰে শনিবাৰে নগাঁৱৰ নেহেৰুৱালীৰ পৰা হাজাৰ হাজাৰ বিজেপি নেতা,কৰ্মী আৰু বিজেপি যুৱ মৰ্চাৰ সদস্যই চহৰখনৰ মাজেৰে এক বৃহৎ বাইক ৰেলী উলিয়াই।

শণিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপি দলে বাহিৰ কৰে এক বাইক ৰেলী। নাহৰকটীয়াতো বিজেপিৰ জয়পুৰ ব্লক মণ্ডলৰ উদ্যোগত বাহিৰ কৰা এই বাইক ৰেলীত কেইবাশতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে।নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ পৰা বাহিৰ কৰা এই বাইক ৰেলী ফ্লেগ অফ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে।উল্লেখ্য যে নাহৰকটীয়া সমষ্টিৰ ১৪খন পঞ্চায়ত পৰিভ্ৰমণ কৰা এই বাইক ৰেলীৰ নেতৃত্ব প্ৰদান কৰে সাংসদ তেলীৰ লগতে যুৱ নেতা তৰংগ গগৈয়ে।আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে ৰাজ্যৰ ১২ খন আসন লাভ কৰিব বুলি উল্লেখ কৰি সাংসদ তেলীয়ে লোকসভা নিৰ্বাচনত অগপৰ সৈতে বিজেপিৰ কোনোধৰণৰ মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে।

Next Story
চাকৰি