Begin typing your search above and press return to search.

বিটিচিক ইউটিচিলৈ উন্নীত কৰণৰ বিৰোধিতা আক্ৰাছু আৰু অন্যান্য সংগঠনৰ

বিটিচিক ইউটিচিলৈ উন্নীত কৰণৰ বিৰোধিতা আক্ৰাছু আৰু অন্যান্য সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 10:28 AM GMT

কোনো এটা বিশেষ সম্প্ৰদায়ক সাংবিধানিক অধিকাৰ প্ৰদানৰ বিৰোধিতাৰে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু), সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থা (এবিআমছু), সদৌ অসম ছাওঁতাল ছাত্ৰ সন্থা(এএচএচইউ), সদৌ কলিতা ছাত্ৰ সন্থা(আকছু) আৰু বিটিচি নাথ যোগী ছাত্ৰ সন্থাই সন্মিলিতভাবে কোকৰাঝাৰৰ দিমৌলগাঁওত এখন বৈঠকত অংশ গ্ৰহণ কৰি বিটিচিক কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নীত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ ঐক্যবদ্ধ মতত উপনীত হয়।

বৈঠকত ডিচেম্বৰৰ ১০ তাৰিখে কোকৰাঝাৰত প্ৰতিবাদী সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে সাংবাদিকক জনোৱা অনুসৰি অন্য দল সমূহেও বিটিচিক কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নীত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিব। নবেম্বৰৰ ১৩ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু বড়ো নেতৃত্বৰ মাজত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। সংবাদ মাধ্যমৰ পৰা প্ৰাপ্ত খবৰ মতে সেই বৈঠকত কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰসংগতো আলোচনা কৰা হৈছিল, কিন্তু ৰাজ্যিক গৃহ আৰু আইন-শৃখলা সচিব পল্লৱ ভটাচাৰ্য্যই স্পষ্টীকৰণ প্ৰকাশ কৰে যে সংবাদ মাধ্যমত প্ৰকাশ কৰা ধৰণে কোনোধৰণৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰসংগলৈ বৈঠকত আলোচনা হোৱা নাছিল। আক্ৰাছুৰ সম্পাদক জনে আকৌ কয় যে এই বিষয়টোলৈ সচিব গৰাকীক আক্ৰাছু আৰু অন্যান্য সংগঠন সমূহে প্ৰশ্ন কৰাত তেওঁ নীৰবতা অৱলম্বন কৰিছিল। সচিব গৰাকীৰ এনে নীৰৱতাই সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰিছে বুলি গকুল বৰ্মনে মত প্ৰকাশ কৰে।

বৰ্মনে কয় যে আক্ৰাছু আৰু অন্যান্য দল সংগঠন সমূহে বিটিচিক কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নীত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব। ডিচেম্বৰৰ ১০ তাৰিখে কোকৰাঝাৰৰ সচিবালয় আৰু উপায়ুক্তৰ কাৰ্য্যালয়ত সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰা হব। বৰ্মনে আকৌ কয় যে তেওঁলোকৰ দাবী সম্বন্ধে তেওঁলোকে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব তাৰোপৰি ডিচেম্বৰৰ ১৪ তাৰিখে সকলো জিলাৰ সদৰ কাৰ্য্যলয় সমূহৰ সন্মুখত প্ৰতিবাদ কৰা হব আৰু ২১ ডিচেম্বৰত যদিহে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত উঠাই নলয় ৰাজভবন ঘেৰাওঁ কাৰ্য্যসূচী গ্ৰহন কৰা হব। আক্ৰাছুৰ সম্পাদক গৰাকীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোচ ৰাজবংশী সকলক এচ টি মৰ্যদা প্ৰদান কৰিলে কোনো আপত্তি নাই বুলি কলেও এদিনো এই সম্পৰ্কে চৰকাৰৰ ওচৰত প্ৰশ্ন কৰা নাই। বৈঠকত এবিআমছুৰ উপসভাপতি,নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতিয়েও চৰকাৰৰ শীঘ্ৰে বিটিচিক ইউটিচিলৈ উন্নত কৰা সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাই অন্যথা ব্যাপক আন্দোলন গঢ়ি তোলা হব বুলি কয়।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি