Begin typing your search above and press return to search.

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত ২০১৯-২০ বৰ্ষৰ চতুৰ্থতম বাজেট দাখিল: কি আছে আৰু কি বাদ পৰিল এই বাজেটত?

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত ২০১৯-২০ বৰ্ষৰ চতুৰ্থতম বাজেট দাখিল: কি আছে আৰু কি বাদ পৰিল এই বাজেটত?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2019 11:31 AM GMT

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত দাখিল কৰিলে ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট ৷উল্লেখ্য যে মন্ত্ৰী ড° শৰ্মাৰ কাৰ্যকালত এই খন হৈছে বিজেপি চৰকাৰৰ চতুৰ্থ খন বাজেট ৷ চাওঁ আহক বিত্ত মন্ত্ৰীজনৰ ভাষনৰ কিয়দাংশঃ

গুৱাহাটীৰ উন্নয়নৰ বাবে জি এম ডি এক ৭৩৬ কোটি টকা, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ বাবে ৩৫৩ কোটি টকা, স্বাস্থ্য বিভাগৰ বাবে ৬৬৮৪ কোটি টকা আৱন্টন।

আনহাতে মাজুলীৰ গড়মূৰত ১০০ খন বিচনা যুক্ত চিকিৎসালয় আৰু হোজাইত ২০০ খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ।

চৰাইদেউ মৈদামৰ বাবে ২৫ কোটি টকা ঘোষণা।চৰাইদেউত স্থাপন হ”ব চ্যুকাফা ক্ষেত্ৰ।

৪২গৰাকী স্বৰ্গদেউৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এই ক্ষেত্ৰ।

এ এন এম কৰ্মীলৈ মাহে ৭৫০ টকাকৈ গ্ৰামীণ ভাট্টা।

কৃষি বিভাগৰ বাবে ২০২৩ কোটি টকা আৱন্টন।

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য আঁচনিৰ জৰিয়তে ২০০০খন ট্ৰেক্টৰ বিতৰণ কৰা হ’ব বুলি ঘোষণা।

বটদ্ৰৱা থানলৈ ১৫৫ কোটি টকা ঘোষণা।

মটক ৰজা সৰ্বানন্দ সিংহৰ নামত হ’ব যাদুঘৰ।

মাজুলীৰ উন্নয়নৰ বাবে ১৫০ কোটি টকা ধাৰ্য্য।

ধৰ্মজ্যোতি আঁচনিৰ সাহায্য ৭৫ শতাংশলৈ বৃদ্ধি।

সচিবালয়ৰ চৌহদত নিৰ্মাণ কৰা হ’ব চ্যুকাফা, কুমাৰ ভাস্কৰ বৰ্মন আৰু নৰনাৰায়ণৰ প্ৰতিমূৰ্তি।

শদিয়াত হ’ব সাধিনী সমন্বয় ক্ষেত্ৰ।

বিহপুৰীয়াত নিৰ্মাণ হ’ব ডিমবৰ দেউৰী সমন্বয় ক্ষেত্ৰ।

উত্তৰ গুৱাহাটীত নিৰ্মাণ হ’ব চিলাৰায় সাংস্কৃতিক কলাক্ষেত্ৰ।

থিয়েটাৰত ৫ বছৰ কাম কৰা শিল্পীয়ে লাভ কৰিব ৫০ হাজাৰ টকা।

ইয়াৰ বাবে ৫ কোটি টকা আৱন্টন।

ৰাজ্যৰ ৮ হাজাৰ গাঁওবুঢ়ালৈ স্মাৰ্টফোন।

২০০০ ক্ৰীড়া শিল্পীলৈ ৫০ হাজাৰ টকা সাহায্য।

গুৱাহাটীবাসীলৈ সম্প্ৰতি কৰ ৰেহাই ঘোষণা।

স্থাবৰ সম্পত্তি কৰদাতালৈ এককালীন কৰ ৰেহাই।

জনগোষ্ঠীয় ভাষাৰ বাবে ভাষা গৌৰৱ আঁচনি।

সংৰক্ষণ আৰু বিকাশৰ বাবে এই আচনি।

ব্যাকৰণ অভিধান প্ৰকাশৰ বাবে পাব সাহায্য।

ইয়াৰ বাবে ১০০ কোটি টকাৰ আৱন্টন।

কোকৰাঝাৰ, ডিফু প্ৰশাসনলৈ ১০০ কোটি টকা সাহায্য।

তিনিচুকীয়া, চৰাইদেউ, ডিব্ৰুগড় উন্নয়নৰ বাবে ৫০০ কোটি টকা আৱন্টন।

কৰ্মচাৰীসকললৈ কেচলেছ হেলথ ইন্সুৰেঞ্চ আঁচনি।

নগদ অবিহনে কৰ্মচাৰীসকলে কৰিব পাৰিব চিকিৎসা।

দেশৰ আগশাৰী চিকিৎসালয়ত লাভ কৰিব এই সুবিধা।

চিৰাঙত স্থাপন হ’ব বন মহাবিদ্যালয়।

কাৰ্বি পৰিষদলৈ ২০১৯-২০বৰ্ষৰ বাবে ১৬০ কোটি টকা মুকলি।

বৰাক উপত্যকা আৰু ষষ্ঠ অনুচ্ছেদ অঞ্চলৰ বাদে অসমৰ সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীলৈকে অসমীয়া বিষয় বাধ্যতামূলক।

ৰাজ্যৰ খিলঞ্জীয়া যুৱক-যুৱতীৰ নিয়োজন আৰু উন্নয়নৰ বাবে ১০০ কোটি ধাৰ্য।

বিটিচিলৈ ৩৫০ টকাৰ সাহায্য।

কোকৰাঝাৰত হ’ব ক্ৰীড়া মহাবিদ্যালয়।

ডিমা হাছাওৰ কৰ্মচাৰীৰ দৰমহাৰ বাবে বছৰী ২২ কোটি টকা আৰ্থিক সাহায্য ঘোষণা।

মৰাণ-মটক শিক্ষাৰ্থীলৈ এই প্ৰশিক্ষণ।

ডিমা হাছাওত গঠন হ’ব নতুন জিলা।

খিলঞ্জীয়া মুছলমানৰ বাবে হ’ব উন্নয়ন নিগম।

নিগম গঠনৰ পাছত লাভ কৰিব ১০০ কোটি টকা।

ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ আয়োজন কৰা মেঘালয়লৈ ১০ কোটি টকা সাহায্য।

আহোম ৰাজধানী হাবুঙত হ’ব আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰ।

ধলা-শদিয়া আৰু বগীবিলৰ কৰ্মহীন নাৱৰীয়াক দিয়া হ’ব সংস্থাপন।ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ৫ কোটি টকা।

কৰ্মহীন হোটেল ব্যৱসায়ীসকলেও পাব পুনৰ সংস্থাপন।

পৰম্পৰাগত খেল সমাৰোহ আয়োজন কৰা সিদ্ধান্ত।

ইউ পি এছ চি, এ পি এছ চি প্ৰাৰ্থীক প্ৰশিক্ষণৰ ব্যৱস্থা।

হিতাধীকাৰীৰ দাতা হাবৰ ব্যৱস্থা।

প্ৰাথমিক বিদ্যালয়লৈ ২১৯ কোটি আৱন্টন।

জি এন এম কৰ্মীলৈ মাহে ১৫শ কোটি টকাকৈ অতিৰিক্ত গ্ৰামীণ ভাট্টা।

উজ্বলা আঁচনিৰ বাবে ১২১ কোটি টকা আৱন্টন।

দেশৰ কেবাখনো ৰাজ্যত নিৰ্মাণ কৰা হ’ব অসম ভৱন।

আনহাতে, কলকাতাস্থিত সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ বাসগৃহ আৰু ওড়িশ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে ল’ব ব্যৱস্থা।

ধলা-শদিয়াৰ সমীপত নিৰ্মাণ কৰা হ’ব ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ।

লখিমপুৰ, বিহপুৰীয়াত নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰেক্ষাগৃহ।

গোৱালপাৰাত ৰবীন্দ্ৰ ভৱনৰ আৰ্হিত নিৰ্মাণ হ’ব প্ৰেক্ষাগহ।

হামৰেং-শালমৰা, বিশ্বনাথত জিলা চিকিৎসালয় নিৰ্মাণ।

ৰাজ্যত স্থাপন কৰা হ’ব ১০খন আইন মহাবিদ্যালয়।

উচ্চশিক্ষাৰ বাবে ২৫৬৭ কোটি টকা আৱন্টন।

কাৰিকৰী শিক্ষাৰ বাবে ৪২০ কোটি টকা আৱন্টন।

বন বিভাগৰ বাবে ৭৩৬ কোটি টকা আৱন্টনৰ ঘোষণা।

আবকাৰী বিভাগৰ বাবে ৯০ কোটি টকা আৰু মৎস উৎপাদনৰ বাবে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ বাবে ৩০ কোটি টকা আৱন্টন। মীন বিভাগৰ বাবে ১১৯ কোটি টকা আৱন্টন।

২০১৯ আৰু ২০২০ বৰ্ষত বাক্সা, ওদালগুৰি, চিৰাঙত স্থাপন হ’ব ডিআইইটি আৰু বি এড মহাবিদ্যালয়।

মাজুলী, বিশ্বনাথৰ লগতে ৰাজ্যৰ কেবাখনো জিলাত স্থাপন হ’ব ডিআইইটি মহাবিদ্যালয়।

ইয়াৰ বাবে ২০০ কোটি টকা আৱন্টন।

প্ৰাথমিক শিক্ষাৰ বাবে ৮৪৬ কোটি টকা ধাৰ্য্য।

আনন্দৰাম বৰুৱা বঁটাৰ বাবে ৫০ হাজাৰ কোটি টকা আৱন্টন।

১০০ শতাংশ উত্তীৰ্ণ বিদ্যালয়ত ১ লাখ টকাৰ এককালীন সাহায্য।

ইয়াৰ বাবে ১০ কোটি টকা আৱন্টন।

বিদ্যালয়ৰ আচবাব নিৰ্মাণৰ বাবে প্ৰত্যেকখন বিদ্যালয়ত দিয়া হ’ব ১ লাখ টকাৰ সাহায্য।

চলিত শিক্ষাবৰ্ষৰ ২লাখ ২০ হাজাৰ ৫৫গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব চাইকেল।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story