বিদেশীসকলক ভাৰত মহাসাগৰত পেলাই দিব লাগে: বিশ্ব হিন্দু পৰিষদ

বিদেশীসকলক ভাৰত মহাসাগৰত পেলাই দিব লাগে: বিশ্ব হিন্দু পৰিষদ
Published on

বিশ্ব হিন্দু পৰিষদে এনআৰচিৰ পিছত চিহ্নিত হোৱা বিদেশীসকলক ভাৰত মহাসাগৰৰ পেলাই দিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে। বিশ্ব হিন্দু পৰিষদ হৈছে এটা সোঁপন্থী হিন্দু জাতীয়তাবাদী সংগঠন। বিশ্ব হিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় যুটীয়া সচিব সুৰেন্দ্ৰ জৈনে কয় যে, "বাংলাদেশী লোকসকলে অপ্ৰতিৰোধ্যভাৱে ভাৰতত প্ৰৱেশ কৰি আমাৰ বহুত অনিষ্ট কৰিছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"

উল্লেখযোগ্য যে পূৰ্ৱৰ বিশ্ব হিন্দু পৰিষদৰ নেতা আৰু বৰ্তমান আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ মূখ্যনেতা প্ৰবীণ টোগাড়িয়াও বাংলাদেশী মুছলমানসকলক দেশৰ পৰা খেদি পঠিয়াব লাগে বুলি মত পোষণ কৰে। তেওঁ লগতে কয় যে ভাৰতে অবৈধ হিন্দুসকলক নাগৰিকত্ব প্ৰদান কৰিব লাগে। অহা ৩০ জুলাই ২০১৮ ত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ প্ৰাকক্ষণত এনেধৰণৰ মন্তব্যই উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com