Begin typing your search above and press return to search.

বিদেশীসকলৰ সন্দৰ্ভত কেন্দ্ৰলৈ বিশেষ আহ্বান উচ্চতম ন্যায়ালয়ৰ

বিদেশীসকলৰ সন্দৰ্ভত কেন্দ্ৰলৈ বিশেষ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2019 7:10 AM GMT

উচ্চতম ন্যায়ালয়ে (Supreme Court) বুধবাৰে পাছপ’ৰ্ট আৰু বিদেশীসকলৰ সম্বন্ধিত দুখন অধিসূচনাৰ কাৰণে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিছে৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই দাখিল কৰা এখন লেখ আবেদনৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অনাগত ছয় সপ্তাহৰ ভিতৰত পাছপ’ৰ্টৰ নিয়ম আৰু নাগৰিকত্ব নিয়মৰ সংশোধনৰ কাৰণে প্ৰত্যাহ্বান জনায় বিৰোধী মঞ্চই। ইফালে চৰকাৰে উল্লেখিত বিষয়সমূহ সংশোধন নকৰালৈকে ২০১৫ চনৰ অধিসূচনা জাৰী কৰিব নোৱাৰে ৷ আবেদনকাৰী সকলে শীৰ্ষ আদালতক কয় যে ২০১৫ চনৰ ৭ চেপ্তেম্বৰ পাছপৰ্ট সংশোধন নিয়ম ২০১৫ ক অধিসূিত কৰা যাওঁক ৷

ধৰ্মৰ ভিত্তিত অবৈধ প্ৰব্ৰজনকাৰীসকলক বৈধ কৰাৰ কাৰণে ২০১৫ চনত কেন্দ্ৰই জাৰি কৰা দুখন অধিসূচনা আৰু ২০১৬ চনত জাৰি কৰা আন এখন অধিসূচনাক প্ৰত্যাহ্বান জনায় বিৰোধী নাগৰিক মঞ্চই বুদ্ধিজীৱী হীৰেন গোহাঁই,ড° হৰেকৃষ্ণ ডেকা আৰু মনজিৎ মহন্তই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। অন্যহাতে,অসমলৈ বাংলাদেশৰ পৰা অবৈধ প্ৰবাসীসকলৰ অনিয়ন্ত্ৰিত প্ৰবাহলৈ ইংগিত কৰাৰ লগতে স্থানীয় লোকসকল সংখ্যালঘূলৈ পৰিণত হোৱাত মঞ্চই অনুচ্চেদ ১৪ৰ অন্তৰ্গত মৌলিক অধিকাৰ সুৰক্ষাৰ কাৰণে দাবী কৰে ৷

ইয়াৰ লগতে আছে অনুচ্চেদ ১৫ অৰ্থাৎ ভেদভাৱৰ নিষেধাৰ্থ,অনুচ্চেদ ১৯ অৰ্থাৎ নিজৰ মতামত সাব্যস্ত কৰাৰ অধিকাৰ, অনুচ্চেদ ২১ অৰ্থাৎ জীৱনৰ অধিকাৰ আৰু অনুচ্চেদ ২৫ অৰ্থাৎ ধৰ্ম আৰু স্বাধীনতাৰ অধিকাৰ ৷ ইফালে এই ক্ষেত্ৰত আবেদনকাৰী সকলে দাবী কৰিছে যে ধৰ্মীয় উৎপীড়ন তথা তেনে ধৰণৰ ভেদভাৱৰ কাৰণে উচিত সিদ্ধান্ত ল’ব পাৰে ৷কাৰণ এনে ধৰণৰ বিষয়ে ভাৰতৰ নাগৰিকতাৰ গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ আধাৰক সুক্ষ্ম কৰি দিয়ে আৰু সাংবিধানিক নৈতিকতাৰ বিৰুদ্ধে যায়।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি