বিদেশীৰ নামত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলিছে :দেৱব্ৰত শইকীয়া

বিদেশীৰ নামত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলিছে :দেৱব্ৰত শইকীয়া

অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ দলপতি দেৱব্ৰত শইকীয়াই আজি গুৱাহাটীত এক সংবাদ মেল আয়োজন কৰি কয় যে কংগ্ৰেছ দলৰ অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত দায়বদ্ধতা আছে,ৰাজ্যত সবাতোতকৈ বেছি বিদেশী বিতাড়িত কৰা ক্ষেত্ৰত আগভাগ লৈ আহিছে কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে এনআৰচি নামত বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত আতিশয্য চলাইছে।ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কিদৰে এনআৰচিৰ কাম-কাজ সম্পন্ন কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ক জনাব লাগে।বিৰুধী দলপতি শইকীয়াই লগতে কয় যে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ নাম এনআৰচিৰ চূড়ান্ত খচৰাত নহাতো অতি দুৰ্ভাগ্যজনক কথা।এই সকলোবোৰৰ বাবে বিজেপি ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকা ৰ সমানে দায়ী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com