Top
Begin typing your search above and press return to search.

বিদেশী ঘোষণা কৰা ব্যক্তিক ডিটেনচন কেম্পলৈ প্ৰেৰণ

বিদেশী ঘোষণা কৰা ব্যক্তিক ডিটেনচন কেম্পলৈ প্ৰেৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2018 7:14 AM GMT

বিদেশী হিচাপে ঘোষিত হোৱা খাইৰুল ইচলাম নামৰ এনআৰচি সেৱা কেন্দ্ৰত নিয়োজিত শিক্ষক জনক মৰিগাঁও আৰক্ষীয়ে মৰিগাঁওৰ মইৰাবাৰীৰ পৰা আটক কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে।মৰিগাঁও জিলাৰ এনআৰচিৰ সেৱা কেন্দ্ৰত তথ্য পৰীক্ষাৰ কামত বিদেশী নাগৰিক নিয়োজিত হৈ থকাৰ প্ৰমান পোহৰলৈ অহাত সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি হৈছিল।মৰিগাঁও জিলা প্ৰশাসনে খাইৰুলক এনআৰচি কামৰ পৰা অতি অব্যাহতি দিছিল যিহেতু বিদেশী ন্যায়াধীকৰনে ব্যক্তিজনক বিদেশী ঘোষণা কৰা কথা সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছিল।এনেকুৱা ঘটনা মাত্ৰ অসমতহে সংঘটিত হয় যত বিদেশীয়ে বিধায়ক,সাংসদ হয়, চৰকাৰী চাকৰী লাভ কৰে আৰু বিদেশী চিনাক্তকৰনৰ দৰে প্ৰকিয়াৰ লগতো জড়িত হৈ পৰে।মৰিগাঁও জিলা প্ৰশাসনে খাইৰুল ইচলামে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বুলি ভাবিছিল কিন্তু ১৩ জুনত উচ্চ ন্যায়ালয়ে ব্যক্তি জনক বিদেশী বুলি ঘোষণা কৰিছিল।ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে খাইৰুলক বিদেশী ঘোষণা কৰা কথা জানিব পাৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে।মৰিগাঁও জিলাৰ আৰক্ষী অধিক্ষক স্বপনীল ডেকাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনুস্থানিক ভাৱে নিৰ্দেশ লাভ কৰি খাইৰুল ইচলামক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছো।

Next Story