Begin typing your search above and press return to search.

নতুন পাকিস্তানে নতুন চিন্তাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নতুন পদক্ষেপ লোৱাৰ প্ৰয়োজন: বিদেশ মন্ত্ৰালয়

নতুন পাকিস্তানে নতুন চিন্তাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নতুন পদক্ষেপ লোৱাৰ প্ৰয়োজন: বিদেশ মন্ত্ৰালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 9:09 AM GMT

শনিবাৰে বিদেশ মন্ত্ৰালয়ৰ সংবাদমেল।বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ প্ৰকাশ কৰিছে যদি পাকিস্তানে নতুন চিন্তাৰে 'নতুন পাকিস্তান' কথা প্ৰকাশ কৰিছে তেন্তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ প্ৰয়োজন । বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে পাকিস্তানে জেইছ ই-মহম্মদৰ বিৰুদ্ধে আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত সংগঠিত হোৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

ৰবিশ কুমাৰে লগতে প্ৰকাশ কৰে যে পাকিস্তানে বৰ্তমানেও পুলোৱামা কাণ্ডত জেইছ ই-মহম্মদে কৰিছে বুলি স্বীকাৰ কৰা নাই । জেইছ ই-মহম্মদে পুলোৱামা কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছতো পাকিস্তানৰ বিদেশী মন্ত্ৰীয়ে জেইছ ই-মহম্মদে পুলোৱামা আক্ৰমণ সংঘটিত কৰা নাই বুলি প্ৰকাশ কৰে ।

‘পাকিস্তানে ভাৰতত আক্ৰমণৰ বাবে F-16 ব্যৱহাৰ কৰিছিল।‘F-16 বিমান ভূপতিত কৰাৰ প্ৰমাণ আছে আমাৰ হাতত’ ‘আমি কেৱল এখন বিমান হেৰুৱাইছোঁ’ ‘পাকিস্তানে ২ খন বিমান ভূপতিত কৰাৰ প্ৰমাণ দিয়া নাই’ভিত্তিহীন দাবী কৰিছে পাকিস্তানে বুলি প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰণালয়। লগতে ‘জেইছ-ই-মহম্মদে পুলৱামাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে’‘জেইছৰ মুখপাত্ৰৰ দৰে আচৰণ কৰিছে পাকিস্তানে’ বুলি সংবাদমেলত প্ৰকাশ কৰে ।‘সন্ত্ৰাসবাদক গুৰুত্বসহকাৰে লোৱা নাই পাকিস্তানে’ ‘সন্ত্ৰাসবাদ দমনৰ বাবে কোনো ব্যৱস্থা লোৱা নাই পাকিস্তানে’ সংবাদমেলত প্ৰকাশ কৰিলে বিদেশ মন্ত্ৰণালয়ে।

পাকিস্তানৰ যুঁজাৰু বিমান F-16 খনে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । পাকিস্তানৰ F-16 বিমান খন বায়ু সেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰথামানে ভূপতিত কৰিবলৈ সক্ষম হৈছিল । পাকিস্তানে ব্যবহাৰ কৰা F-16 খন আমেৰিকাত নিৰ্মিত আছিল বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰিছে । পাকিস্তানে বিমান ক্ৰয়ৰ সময়ত আমেৰিকাৰ লগত কৰা চুক্তি উলংঘা কৰি ভাৰতৰ সেনাৰ ওপৰত আক্ৰমণ কৰে ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাকিস্তানৰ ভূমিক সন্ত্ৰাসবাদীক দেশৰ বিৰুদ্ধে ব্যবহাৰ কৰিবলৈ দিয়া নহব বুলি প্ৰকাশ কৰিছিল । তাৰ প্ৰত্যুত্তৰত আজি বিদেশ মন্ত্ৰালয়ে পাকিস্তানৰ মুখপাত্ৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই বুলি প্ৰকাশ কৰে । ২০০১ চনত সংসদ ভৱন আক্ৰমণ, ২০০৮ চনত মুম্বাই আক্ৰমণৰ পাছত পাঠানকোট আৰু উৰিত ভয়াবহ আক্ৰমণৰ ঘটনাৰ সংঘটিত কৰিছিল পাকিস্তানে। মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দেখুৱাব লাগিব । নতুন চিন্তাৰে নতুন পাকিস্তানৰ শ্লোগানেৰে নহয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিহে দেখুৱাৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে ।

Next Story
চাকৰি