বিদ্যালয় সমূহত আগষ্টৰ পৰা আৰম্ভ হব টেলী শিক্ষা

বিদ্যালয় সমূহত আগষ্টৰ পৰা আৰম্ভ হব টেলী শিক্ষা
Published on: 

অসম উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডে অহা আগষ্ট মাহৰ পৰা বিদ্যালয় সমূহৰ নৱম আৰু দশম শ্ৰেণীত টেলী শিক্ষাৰ পাঠ্যক্ৰম কাৰ্য্যকৰী কৰিব।টেলী শিক্ষা হৈছে এক আধুনিক প্ৰক্ৰিয়াৰ শিক্ষা,যাৰ যোগেদি শিক্ষাৰ্থী সকলে ইণ্টাৰনেটৰ পৰা ভিডিঅ' আদিৰ শিক্ষা গ্ৰহন কৰিব পাৰিব।এই পদ্ধতিক ই-লাৰ্নিং অৰ্থাৎ ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি গ্ৰহন কৰিব পৰা শিক্ষা বুলিব পাৰি।যোৱা ২জুলাইত অসম উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডে এই কথা সদৰী কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com