বিদ্যুৎস্পৃষ্ট হৈ আহত এজন বিদ্যুৎকৰ্মী

বিদ্যুৎস্পৃষ্ট হৈ আহত এজন বিদ্যুৎকৰ্মী
Published on

গোৱালপাৰাৰ বৈদ্যুতিক মণ্ডলৰ এজন কৰ্মী যোৱা দেওবাৰে সন্ধিয়া দূৰ্গা মন্দিৰৰ সমীপত উচ্চ সম্পন্ন বৈদ্যুতিক ভল্টেজৰ ফলত অতি গুৰুতৰ ভাৱে আহত হয়।

চিনাক্ত কৰা অনুসৰি ব্যক্তি জন হৈছে ধনঞ্জয় মণ্ডল।বৈদ্যুতিক শ্বৰ্ট লগাৰ সময়ত প্ৰথমে তেওঁৰ হাত খন পুৰে।অতি উচ্চ সম্পন্ন বৈদ্যুতিক শ্বৰ্ট লগাৰ ফলত তেওঁ পৰি যায় যাৰ ফলত পিছফাল তথা ৰাজহাঁড় ডাল ভাঙে।তৎক্ষণাত ওচৰতে থকা বেচৰকাৰী চিকিৎসালয়ত তেওঁক ভৰ্ত্তি কৰোৱা হয়।ঘটনাটিৰ বাবে পৰিয়ালৰ লোক শোকত ভাগি পৰে যদিও ২৪ঘণ্টা অতিক্ৰম হৈ যোৱাৰ পিছতো বৰ্তমানলৈ কোনো উচ্চ বিষয়াই তেওঁৰ খবৰ লবলৈ অহা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com