Begin typing your search above and press return to search.

বিধানসভা নিৰ্বাচনত উগ্ৰপন্থীয়ে হত্যা কৰা তিৰং আবুৰ জয়লাভ

বিধানসভা নিৰ্বাচনত উগ্ৰপন্থীয়ে হত্যা কৰা তিৰং আবুৰ  জয়লাভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 May 2019 10:44 AM GMT

সদ্য ঘোষিত অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে উগ্ৰপন্থীয়ে হত্যা কৰা তিৰং আবুয়ে ।২১ মে'ত বিধায়ক তিৰং আবুৰ লগতে তেওঁৰ পুত্ৰ আৰু দেহৰক্ষীক নিৰ্মম ভাৱে হত্যা কৰা হয়। তিৰং আবু এন পি পি দলৰ প্ৰাৰ্থী আছিল । তিৰং আবুয়ে ১,০৫৫ ভোটৰ ব্যবধানত বিজেপিৰ প্ৰাৰ্থী পাৱাঙ লৱাঙক পৰাজিত কৰে। ২০১৪ চনত বিধানসভা নিৰ্বাচনত তিৰং আবুয়ে ১,৯০৮ ভোটত জয় লাভ কৰিছিল ।

২১ মেত অৰুনাচল প্ৰদেশৰ তিৰাপত উগ্ৰপন্থীয়ে তিৰং আবু সহ ১১ জন লোকক হত্যা কৰিছে । এই ঘটনাৰ লগত এন এচ চি এন ( আই এম) জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।

তিৰং আবুয়ে অসমৰ ডিব্ৰুগড় জিলাৰ পৰা তেওঁৰ পুত্ৰ লংগেম আবু , পৰিয়াল বৰ্গৰ লগতে ৪ জন ব্যক্তিগত দেহৰক্ষী সহ গৈ থকা অবস্থাত উগ্ৰপন্থীয়ে গাড়ী ৰখাই নিৰ্বিচাৰ গুলীচালনা কৰি হত্যা কৰে।

এই ঘটনাত বিধায়ক তিৰং আবুৰ লগতে পুত্ৰ লংগেম আবু আৰু ৱাঙগৈ হাখুন, জালিন হাখুন, গানৱাঙ হাখুন, মাটলাম আবু, পানগ্ৰ, দুজন দেহৰক্ষী পনহাং আজি আৰু বি. চিকচা নিহত হৈছে ।

তিৰং আবু এন পি পি দলৰ বিধায়ক । পশ্চিম খংচা সমষ্টিৰ বিধায়ক আছিল তিৰং আবু । তেওঁ দ্বিতীয় বাৰৰ বাবে তেওঁ নিৰ্বাচনত অবতীৰ্ণ হৈছিল । তিৰং আবুয়ে এন এচ চি এন-আই এমৰ পৰা ভাবুকি লাভ কৰিছিল বহু বাৰ ।

এইখন জিলাত সংঘটিত হোৱা এয়া দ্বিতীয়টো ঘটনা । চলিত বৰ্ষৰ ২৯ মাৰ্চত এন পি পিৰ সমৰ্থক হত্যা কৰা হৈছিল। আবুৰ হৈ প্ৰচাৰ চলাই উভতাৰ পথতে এন এচ চি এন ( আই এম) য়ে হত্যা কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি