বিপিএফে ২০১৯ চনত কোকৰাঝাৰ লোকসভাৰ আসনখন পুনৰ দখল কৰিব: হাগ্ৰামা

নতুন বছৰৰ আৰম্ভণিতে বিটিএডিৰ সকলো বিৰোধী দল, সংগঠনলৈ প্ৰত্যাহবান আগবঢ়াইছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। বড়োলেণ্ড পিপ'লছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মংগলবাৰে তেঁওৰ দলটোৱে ২০১৯ চনত কোকৰাঝাৰ লোকসভাৰ আসনখন পুনৰ দখল কৰিব বুলি মন্তব্য কৰিছে। বড়োলেণ্ডৰ জনসাধাৰণৰ সহায় আৰু সহযোগিতাৰ বলত এই এই কাম সম্ভৱ হব। মংগলবাৰে কোকৰাঝাৰৰ বদৌফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাৰ অন্তত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এনেদৰে মন্তব্য কৰে। মংগলবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সভাত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰা হয়।
বিপিএফৰ সভাপতি গৰাকীয়ে সাংবাদিকক কয় যে আগন্তুক লোকসভাত বিপিএফ দলে নিশ্চিত বিজয় সাব্যস্ত কৰিব। এইবাৰ বিছিন্নতাবাদী দল সমূহৰ বিছিন্নতাবাদী ৰাজনীতি নচলিব বুলিও হাগ্ৰামাই মন্তব্য কৰে। বিপিএফ দলে বড়োলেণ্ডত সকলো জনসাধাৰণৰ সামগ্ৰীক উন্নয়নৰ বাবে সদায় কাম কৰি আহিছে। হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফে কোকৰাঝাৰৰ বাহিৰে আন সকলে সমষ্টিতে জয় লাভ কৰিবলৈ সক্ষম হৈছে। বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ সহযোগিতাৰ বাবেই বিপিএফে বিগত নিৰ্বাচনত বিপক্ষৰ হাতত পৰাজিত হৈছিল।
হাগ্ৰামা মহিলাৰীয়ে কয় যে ইয়াত কিছু শন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ সমস্যা আছে,বিভিন্ন শন্ত্ৰাসবাদী দল সমূহৰ লগত ইতিমধ্যে শান্তি আলোচনাৰ বাবে প্ৰচেষ্ঠা অব্যাহত আছে। ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত সমস্যা সমূহ সমাধানৰ বাবে আমাৰ লগত লগ লাগি আলোচনা কৰি আছে। মহিলাৰীয়ে সাংবাদিকৰ আগত আকৌ কয় যে বিভিন্ন জনগোষ্ঠী সমূহৰ সমস্যা বেলেগ বেলেগ আৰু এই সমস্যা সমূহৰ সমাধানৰ বাবে সকলোৱে মিলি আগবাঢ়ি আহিব লাগিব। বিপিএফ দলে বিটিএডি অঞ্চলৰ সকলো সমস্যা সমাধানৰ বাবে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও মহিলাৰীয়ে কয়।
হাগ্ৰামা মহিলাৰীয়ে সকলোকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক বৰ্ষটো সকলোৰে বাবে এটা শান্তিৰ বছৰ হব বুলি আশা ব্যক্ত কৰে। বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মহিলাৰীয়ে এনডিএফবি(পি)ৰ সভাপতি আৰু সম্পাদক, বড়ো মহিলাৰ ন্যায় গোষ্ঠীৰ সভাপতি অঞ্জলি দৈমাৰীৰ লগতো পৃথকে পৃথকে আলোচনাত বহে। হাগ্ৰামা মহিলাৰীৰ এই ব্যক্তব্যৰ পিছতে আগন্তুক লোকসভা নিৰ্বাচনত যে বিপিএফ দলে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হব সেই কথা নিশ্চিত হৈছে।বড়োলেণ্ডত আবছুৰ নেতৃত্বত পৃথক বড়োলেণ্ডৰ দাবীৰে পূৰ্ণ পৰ্য্যায়ৰ আন্দোলন অব্যহত আছে। হাগ্ৰামা মহিলাৰীয়ে এই আন্দোলন সম্পৰ্কে সাংবাদিকৰ আগত মংগলবাৰে বিশেষ মন্তব্য নকৰিলে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি