Begin typing your search above and press return to search.

বিভিন্ন শ্ল’গানেৰে নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ আৰু বিজেপি

বিভিন্ন শ্ল’গানেৰে নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ আৰু বিজেপি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 April 2019 10:11 AM GMT

সমগ্ৰ ৰাজ্যত সম্প্ৰতি নিৰ্বাচনী বতাহ ৷ দেশৰ ৰাজনৈতিক দলসমূহে ১১ এপ্ৰিলত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে দেওবাৰে বিজেপি আৰু কংগ্ৰেছে ক্ৰমে নিৰ্বাচনী অভিযান আৰম্ভ কৰে " ফিৰ এক বাৰ মোডী চৰকাৰ" আৰু "অৱ হোগা ন্যায়" শ্ল’গানেৰে ৷ কংগ্ৰেছৰ "অৱ হোগা ন্যায়" শ্ল’গানেৰে নতুন আঁচনি আৰম্ভ কৰিছে ৷

ইফালে নিৰ্বাচনত জয়ী হ’লে নূন্যতম আয় আচঁনিৰ জৰিয়তে কংগ্ৰেছে প্ৰতি বৰ্ষতে ২০ শতাংশ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক ৭২০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইফালে,কংগ্ৰেছৰ শ্ল’গান দলৰ ইতিবাচক দিশসমূহৰ ওপৰত আধাৰিত ৷ কংগ্ৰেছৰ প্ৰচাৰ কমিটীৰ সভাপতি আনন্দ শৰ্মাই কয় যে আমি চাৰি বছৰে ন্যায়ৰ সন্ধানত আছোঁ। কিছুসংখ্যক লোকে অচ্ছে দিনৰ প্ৰতিশ্ৰুতি দি অন্যায় কৰি আহিছে ৷

বিজ্ঞাপন এজেন্সীসমূহেও কংগ্ৰেছৰ দিশত ইতিবাচক হিচাপে কাম কৰিছে ৷ এই ক্ষেত্ৰত জাভেদ আখতাৰৰ নিৰ্দেশিত আৰু ছবি নিৰ্মাতা নিখিল আদৱানীৰ জিংগল ভিডিঅ’টি অন্যতম। এই অভিযানে আৰ্থিকভাৱে দুৰ্বল,নিবনুৱা যুৱক, কৃষক, মহিলা,দলিত,আদিবাসী আৰু ব্যৱসায়ী সকলক প্ৰভাৱিত কৰিব ৷

ইয়াৰ মাজতে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে দেওবাৰে বিজেপিৰ প্ৰচাৰ শ্ল’গান আকৌ এবাৰ মোডী চৰকাৰৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ কৰে। আমাৰ চৰকাৰৰ প্ৰথম বিষয় হৈছে কাম কৰাৰ চৰকাৰ,দ্বিতীয়তে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিসম্পন্ন চৰকাৰ,তৃতীয়তে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰ বিজেপি, এইবাৰ আকৌ এবাৰ মোডী চৰকাৰ শ্ল’গানেৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷

অৰুণ জেটলীয়ে কয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত আৰ্থিকভাৱে দুৰ্বল আৰু মধ্যবিত্ত লোকসকলৰ কথা উল্লেখ নাই যদিও বিজেপিয়ে এই বিষয়সমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব ৷ ইফালে দলে আকৌ এবাৰ আমি মোডী চৰকাৰ নিৰ্মাণ কৰিম ৷গৰ্বৰে আমি আকৌ এবাৰ আগবাঢ়ি যাম শীৰ্ষক এটি গীত লন্স কৰে ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰ মোডী চৰকাৰ আৰু অচ্চে দিন আনে ৱালা হ্যেৰ দৰে শ্ল’গানৰ দ্বাৰা সফলতা লাভ কৰিছিল ৷ সাতটা পৰ্যায়ত হোৱা লোকসভা নিৰ্বাচন সমাপ্ত হ’ব ১৯ মে’ত । আৰু ভোটগণনা হ’ব ২৩ মে’ত ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি