ধুবুৰী জিলাৰ বিলাসীপাৰাত দূৰ্গা পূজা উপলক্ষে অৰুণোদয় এছোছিয়েনৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত বস্ত্র বিতৰণ কৰা হয় । এই উপলক্ষে আজি ৰাতিপুৱা ১১ বজাত বিলাসীপাৰা ডিমাতলা ভোলানাথ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আয়োজিত সভাত বিলাসীপাৰা জিলা অৰুণোদয় এছোছিয়েনৰ সভাপতি মোস্তাফিজুৰ ৰহমানে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্রীৰ উপস্থিতিত দৰিদ্ৰ পুৰুষ মহিলাৰ মাজত বস্ত্র বিতৰণ কৰে। অৰুণোদয় এছোছিয়েনৰ সভাপতিৰ লগতে অৰুণোদয় এছোছিয়েনৰ কৰ্মী সকলৰ প্ৰশংসনীয় পদক্ষেপত দৰিদ্ৰ মহিলা সকলে আৰ্শীবাদ কৰাৰ লগতে প্ৰশংসা কৰে। এই সম্পৰ্কে অৰুণোদয় এছোছিয়েনৰ সভাপতিৰ লগতে ভোলানাথ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রীয়ে দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্র বিতৰণ আৰু এই বেলি দুৰ্গা পূজা উপলক্ষে বিস্তাৰিত ভাবে ভাষন প্ৰদান কৰে। সভাত শতাধিক অৰুণোদয় কৰ্ম কৰ্তা সকলৰ লগতে শতাধিক দৰিদ্ৰ পুৰুষ মহিলা উপস্থিত থাকে।
Begin typing your search above and press return to search.