
যোৱা শনিবাৰে দিখৌত সংঘটিত হোৱা ঘটনাই শিৱসাগৰৰ লগতে সমগ্ৰ অসম জোকাৰি গৈছে।ই এক হৃদয়বিদাৰক ঘটনা।যোৱা শনিবাৰৰ পৰাই উদ্ধাৰ অভিযান অব্যাহত থকাৰ পিছতো এই সময়লৈ কোনো শুংসূত্ৰ নাই পৰিয়ালটিৰ এজনো সদস্য। দিখৌৰ বুকুত জাঁহ যোৱা পৰিয়ালটিক উদ্ধাৰৰ বাবে বিশেষ বিমানেৰে বিশাখাপট্টনমৰ পৰা আহি অসমত উপস্থিত হৈছেহি নৌ সেনাৰ ডুবাৰুৰ দল। দলটোৱে যোৰহাটত অৱতৰণ কৰি পুনে পুনে শিৱসাগৰলৈ ঢাপলি মেলে। ৪ বজাৰ পৰাই দলটোৱে আৰম্ভ কৰিছে অভিযান। দিখৌ নৈত সন্ধানহীন ৫জনীয়া পৰিয়ালটোৰ সন্ধানত অভিযান চলাব দলটোৱে। ইতিমধ্যে ১০০জনীয়া দলে অব্যাহত ৰাখিছে অভিযান। দিখৌত ২৬গৰাকী ডীপ ডাইভাৰ্ছে ১০খন নাৱেৰে চলাইছে অভিযান। এছডিআৰএফৰ ৬টা, ৩টা এনডিআৰএফ আৰু এটা অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে তদাৰক কৰিছে সমগ্ৰ ঘটনাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰীক্ষণ কৰিছে উদ্ধাৰ অভিযান কাৰ্য্য।শিৱসাগৰৰ এই কৰুন ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ সৈতেও বাৰ্তালাপ মুখ্যমন্ত্ৰীগৰাকীয়ে। গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও আলোচনা সোণোৱালৰ। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীক বিশেষ দল প্ৰেৰণৰ লগতে নৌসেনাৰ মুখ্য কাৰ্যালয়, উচ্চ প্ৰযুক্তি আৰু বিশেষজ্ঞ প্ৰদান কৰাৰো অনুৰোধ কৰে সোণোৱালে।