বিশিষ্ট ঢোলৰ ওজা জগত শইকীয়াৰ দেহাৱসান

বিশিষ্ট ঢোলৰ ওজা জগত শইকীয়াৰ দেহাৱসান
Published on

দুলীয়াজানৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ঢোলৰ ওজা জগত শইকীয়া অকাল বিয়োগ ঘটিছে । বুধবাৰে নিশা ছিলং ত এক জটিল ৰোগত চিকিৎসাধীনহৈ থকা অৱস্থাত তেখেতে মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৫৩ বছৰ। বিশিষ্ট ঢোলৰ ওজা জগত শইকীয়াৰ মৃত্যুৰ বাতৰিয়ে তৈল নগৰী খনত সৰ্বত্ৰ শোকৰ ছাঁ পৰাৰ উপৰিও শিল্পী জগতখনতো শোকৰ ছাঁ পৰিছে ।

উল্লেখ্য যে এই গৰাকী শিল্পীয়ে দুলীয়াজানৰ লগতে উজনি অসমৰ বহু চেমনীয়া আৰু যুৱকক অসমীয়া সংস্কৃতিৰ অন্যতম স্বাভিমানৰ প্ৰতীক ঢোল আৰু নেগেৰাৰ প্ৰশিক্ষণ প্ৰদান কৰি অসমীয়া সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মক উদ্ধুধ কৰিবলৈ সক্ষম হৈছিল ।

এই গৰাকী জগত শইকীয়াৰ পৰিচালনাতে ২০১৩ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে দুলীয়াজান বিহুতলী প্ৰাংগণত নেগেৰা নামৰ মহা সমাৰোহ অনুষ্ঠিত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত দুলীয়াজানৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল ।

বিশিষ্ট ঢুলীয়া ওজা জগত শইকীয়াৰ মৃত্যুত দুলীয়াজান ক্লাব, দুলীয়াজান প্ৰেছ ক্লাব , দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ , দুলীয়াজান সাহিত্য সভা, সদৌ অসম সাংবাদিক সন্থা (আজু ) ডিব্ৰুগড় জিলা সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com