বিশিষ্ট শিক্ষাবিদ কৰেন্দ্ৰ নাথ ব্ৰহ্মৰ মৃত্যু : কোকৰাঝাৰত শোকৰ ছাঁ

বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা বিপিএফৰ জেষ্ঠ্য নেতা কৰেন্দ্ৰ নাথ ব্ৰহ্মই বাদ্ধ্যৰ্কজনিত ৰোগত আক্ৰান্তহৈ গুৱাহাটীৰ এ’পলো চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হোৱাত শোকৰ ছাঁ পৰিছে সমগ্ৰ কোকৰাঝাৰ জিলাত ৷ কোকৰাঝাৰ কো-অপাৰেটিভৰ অধ্যক্ষ কৰেন্দ্ৰ নাথ ব্ৰহ্ম যোৱা ২৬ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটীৰ ইন্টাৰনেচনেল হস্পিতালত চিকিৎসাধীন হৈ আছিল ৷ অৱশ্যে চিকিৎসাধীন অৱস্থাত ব্ৰহ্মৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এপল হস্পিতালত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয় যদিও বৃহস্পতিবাৰে দুপৰীয়া ১২-৩০ বজাত তেওঁৰ মৃত্যু হয় ৷
উল্লখ্য যে কোকৰাঝাৰ চহৰৰ ওৱাবাৰীত জন্মগ্ৰহণ কৰা কৰেন্দ্ৰ নাথ ব্ৰহ্মই মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ ৷ ব্ৰহ্মই মৃত্যুৰ পূৰ্বে দেৱৰগাওঁৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষতা কৰাৰ উপৰি সদৌ বড়ো কৰ্মচাৰী পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি,চিএছবিৰ প্ৰথম গৰাকী অধ্যক্ষ,বিপিএফৰ পিএমবি বডীৰ সদস্য হোৱাৰ উপৰিও মৃত্যুৰ আগমূহূৰ্তত কোকৰাঝাৰ কো-অপাৰেটিভৰ অধ্যক্ষ হৈ আছিল ৷
আনপিনে গুৱাহাটীৰ পৰা কৰেন্দ্ৰ ব্ৰহ্মৰ নশ্বৰ দেহ কালি নিশা গৃহভূমি কোকৰাঝাৰত লৈ অনা হয়। আজি তেওঁক অন্তিম শ্ৰদ্ধা নিবেদন কৰে অসমৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু অগনন গুনমুগ্ধই। তেওঁৰ অকাল বিয়োগত শোকত ভাগি পৰে অগনন গুনমুগ্ধই ৷ ব্ৰহ্মৰ নশ্বৰ দেহ কোকৰাঝাৰ বডোফা নগৰস্থিত বাহগৃহৰ পৰা তেওঁৰ পুৰ্বৰ কৰ্মস্থলি দেৱৰগাও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কোকৰাঝাৰ মাজমজিয়াত থকা কেন্দ্ৰীয় বি পি এফ কাৰ্যালয়লৈ মৌন সমদল উলিয়াই শ্ৰদ্ধা জনোৱা হয়।
ইফালে বিপিএফৰ জেষ্ঠ নেতা গৰাকীৰ মৃত্যত গভীৰ শোক প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাীৰ,বিপিএফৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰী,বড়ো কৰ্মচাৰী পৰিষদ,আবৌফ,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,কোকৰাঝাৰ প্ৰেছ ক্লাৱে ৷