বিশিষ্ট সাহিত্যক ড° নগেন শইকীয়ালৈ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বটাঁ

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,লেখক, শিক্ষাবিদ তথা বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়ালৈ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বটাঁ আগবঢ়োৱা হৈছে । ২২ ডিচেম্বৰৰ পৰা চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত হ’বলগীয়া ৩২ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিকজনক এই বটাঁ আগবঢ়োৱা হ’ব। ড° নগেন শইকীয়াক এই বটাঁ প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ অসম প্ৰকাশন পৰিষদ বটাঁত থাকিব দুই লাখ টকাৰ চে’ক,প্ৰশস্তি পত্ৰ, স্মাৰক,গ্ৰন্থৰ টোপোলাৰ লগতে অংগবস্ত্ৰ ৷ এই কথা প্ৰকাশ কৰে পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই।
অন্যহাতে, ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া গ্ৰন্থ মেলাখন উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ লগতে উপস্থিত থাকিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ইফালে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক শীৰ্ষেন্দু মুখাপাধ্যায়,বাংলাদেশৰ উচ্চায়ুক্ত মোৱাজ্জিম আলী,সাহিত্য অকাডেমী বটাঁৰে সন্মানিত মাকাম স্ৰষ্টা ৰীতা চৌধুৰী ৷
উল্লেখ্য যে,অসম প্ৰকাশন বটাঁৰে সন্মানিত ড° নগেন শইকীয়া "মিত ভাস" নামৰ এক নতুন শ্ৰেণীৰ ৰচনা শৈলীৰে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰে ৷ড° শইকীয়াই ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল ৷ ১৯৩৯ চনৰ ১১ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ হাতীয়খোৱা নামৰ ঠাইত জন্ম গ্ৰহণ কৰে ড° নগেন শইকীয়াই ৷বৰকাঠনি এল পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভৰ অন্তত কাকডোঙা এম ই স্কুল আৰু ঢেকীয়াল হাইস্কুলৰ পৰা ক্ৰমে মধ্য ইংৰাজী আৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ইয়াৰ পিছত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই এ,গোলাঘাটৰ দেৱৰাজ মহাবিদ্যালয়ৰ পৰা বি এ, লগতে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ ১৯৮১ চনত অসমীয়া সাহিত্য ড° শইকীয়াই ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷
ড° শইকীয়া বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংগঠনৰ লগত বিশেষভাৱে জড়িত ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য কৰ্মৰাজি হ’ল ১৯৬৬ চনত অসম সাহিত্য সভাৰ সহ সম্পাদক, ১৯৭০-৭১ চনত ভাষাজ্ঞান পৰীক্ষা আৰু প্ৰকাশনৰ সচিব,১৯৭৭-৭৮ চনত কোষাধ্যক্ষৰ লগতে অসম প্ৰকাশন পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি,বিশ্বকোষ সমিতি,বটাঁ নিৰ্বাচক আদি সমিতিৰ সদস্য আছিল ড° শইকীয়া ৷ সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য, উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ কৰ্টৰ সদস্য, ডিব্ৰুগড় বিশ্ববিদযালয়ত টাই ভাষা শিক্ষাৰ সদস্য,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য,প্ৰকাশ আলোচনীৰ সম্পাদনা সমিতিৰ সদস্যৰ লগতে অসম চৰকাৰৰ বহু চৰকাৰী পদবীৰ আসন শুৱনি কৰিছিল ড° নগেন শইকীয়া ৷
ড° শইকীয়াৰ গৱেষণামূলক গ্ৰন্থসমূহ হৈছে Background of Modern Assamese Literature (১৯৮৮)," চিন্তা আৰু চিন্তামুলক চৰ্চা","উনবিংশ শতিকাত অসমীয়া ভাষাৰ সংকট","ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা","অসমীয়া কবিতা আৰু অন্যান্য বিষয়","সাংবাদিকতাঃ এটি গধুৰ আৰু পৱিত্ৰ দায়িত্ব",আদি ৷ "ছবি আৰু ফ্ৰেম","বন্ধ কোঠাত ধুমুহা", "মাটিৰ চাকি","অস্তিত্বৰ শিকলি", আদি ড° শইকীয়াৰ গল্প পুথি ৷ আমেৰিকাত দহ দিন, মহাচীনৰ দিনলিপি হৈছে ড° শইকীয়াৰ ভ্ৰমণ কাহিনী ৷ আত্মজীৱনীমূলক গ্ৰন্থ হৈছে স্বপ্ন আৰু স্মৃতিৰ (প্ৰথম খণ্ড),ধূলিৰ ধেমালী" ৷
ইয়াৰোপৰি ড° শইকীয়াই চিন্তা আৰু চৰ্চা গ্ৰন্থৰ বাবে ১৯৮০ চনত অসম সাহিত্য সভা ৰ মোহন চন্দ্ৰ শৰ্মা বটাঁ লাভ কৰিছিল৷ ২০০৮ চনত অসম উপত্যকা সাহিত্য বটাঁ, আন্ধাৰত নিজৰ মুখ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বটাঁ,কৃষ্ণকান্ত সন্দিকৈ বটাঁৰ লগতে বহু কেইটা বটাঁ লাভ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি