বিশেষভাবে সক্ষম সকলৰ সমস্যা সমাধানত ব্যৰ্থ দিছপুৰ

বিশেষভাবে সক্ষম সকলৰ সমস্যা সমাধানত ব্যৰ্থ দিছপুৰ
Published on

ৰাজ্যৰ বিজেপি শাষিত চৰকাৰ খনে বিশেষভাবে সক্ষম লোক সকলৰ সমস্যা সমূহৰ সমাধানত চূৰান্তভাৱে ব্যৰ্থ হৈছে। প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকৰে চৰকাৰক সমালোচনা কৰি তিনি ডিচেম্বৰত হব লগা প্ৰতিবন্ধী দিৱস বৰ্জনৰ ভাবুকি প্ৰদান কৰে। গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ আগত মালাকৰে কয় ২০১৭ চনৰ সাত ফেব্ৰুৱাৰীত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই কৰা বিক্ষোভৰ পাছত সৰ্বানন্দ সোনেৱালে তেওঁলোকৰ সৈতে আলোচলাত মিলিত হৈ দাবী সমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।বিশেষভাবে সক্ষম সকলক চিকিৎসাৰ বাবে পাচ হাজাৰ টকাৰ পৰা পাচ লাখ টকালৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিছিল কিন্তু এতিয়ালৈ মাত্ৰ ১৩০০০০ জন বিশেষভাবে সক্ষম লোকেহে এই সুবিধা লাভ কৰিছে তাৰ বিপৰতে অধিক সংখ্যকে এতিয়াও এই সাহায্যৰ অপেক্ষাত আছে। মালাকৰে পুনৰ কয় মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৰাজ্যত বিশেষভাবে সক্ষম সকলৰ বাবে খালী থকা ৪৪১৯ টা পদত সীঘ্ৰেই নিয়োগ কৰাৰ ঘোষনাৰ কথাও অন্তৰ্ধান হয়।ৰাজ্য

চৰকাৰে বিশেষভাবে সক্ষম সকলৰ সমস্য সমূহ সমাধানৰ প্ৰতি আগ্ৰহী নহয় বিপৰীতে গণতান্ত্ৰীক প্ৰতিবাদ কৰিলেও কঠোৰ হাতেৰে দমন কৰে। বিশেষভাহে সক্ষম সকলৰ কাৰণে নিৰ্মান কৰিবখোজা জিৰণি গৃহৰ কাম সম্পুৰ্ণ নহোৱা পৰ্য্যন্ত ভাৰাঘৰত ৰখাৰ প্ৰতিশ্ৰুতি ১ ডিচেম্বৰৰ আগত কাৰ্য্যকৰী নকৰিলে ৩ ডিচেম্বৰৰ প্ৰতিবন্ধী দিৱস বৰ্জনৰ হূংকাৰ দিয়ে সাধাৰণ সম্পাদক জনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com