অভিজিৎ-নিলোৎপলৰ দৰে একে অনুৰূপ ঘটনা সংঘটিত হল বিশ্বনাথত। একাংশ উন্মাদ লোকে দা, লাঠি , লোৰ ৰডৰে অমানুষিক অত্যাচাৰ চলায় চাৰি যুৱকৰ ওপৰত ।বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত হৈছে এই নৃশংস ঘটনা । আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰি বিশ্বনাথৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰে যদিও খন্তেক পূৰ্বে মৃত্যু হয় দেৱেন ৰাজবংশী (৫০) নামৰ লোকজনৰ । আহত ক্ৰমে ফুলচন চাহু, বিজয় নায়ক, পুজেন ৰাজবংশী চিকিৎসাধীন হৈ আছে। গাহৰিৰ ব্যৱসায় কৰা লোক কেইজনে পুৱতি নিশা গাহৰি ক্ৰয় কৰিবলৈ গৈছিল, কিন্তু তেওঁলোকক গৰুচোৰ বুলি সন্দেহ কৰি জপিয়াই পৰে উন্মাদ গঞাঁ ।
বিশ্বনাথত উন্মাদ জনতাই প্ৰাণ ললে এজনৰ,তিনিজন গুৰুত্বৰ ভাৱে আহত

Next Story