বিশ্বনাথত বিজেপিৰ বিশাল নিৰ্বাচনী সভা।কংগ্ৰেছ অগপৰ মিত্ৰতা অপবিত্ৰ মিত্ৰতা : কংগ্ৰেছ আৰু অগপই বিদেশীৰ নামত ৰাজনীতি কৰিছে- সৰ্বানন্দ সোণোৱাল।

কংগ্ৰেছ অগপৰ মিত্ৰতা অপবিত্ৰ মিত্ৰতা।এই মিত্ৰতাই কেতিয়াও গাওঁ উন্নয়ন কৰিব নোৱাৰে।একাংশ বুদ্ধিজীবী আৰু সংবাদ মাধ্যমে উগ্ৰপন্থীক উদগনি জগাই আহিছে। বিশ্বনাথ চাৰিআলিৰ কমলা কান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত নিৰ্বাচনী সভাত এই মন্তব্য আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৮৫৫জন শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা অগপত এতিয়া নৈতিকতাৰ অভাৱ ঘটিছে। অসম আন্দোলনৰ ঘোৰ বিৰোধী কংগ্ৰেছ দলক আপোন কৰি নিৰ্বাচন খেলিবলৈ ওলোৱা অগপই অসমৰ তিনি কোটি পোন্ধৰ লক্ষাধিক লোকক চূড়ান্ত প্ৰৱঞ্চনা কৰা বুলি উল্লেখ কৰি তেওঁ আঞ্চলিক দলটোৰ কংগ্ৰেছৰে হোৱা এই মিতিৰালিক অপৱিত্ৰ আখ্যা দিয়ে।
বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আদৰণি ভাষণ দিয়া সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কংগ্ৰেছক এক দুৰ্নীতিত নিমজ্জিত দল বুলি অভিহিত কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতক সমগ্ৰ বিশ্বতে জিলিকাবলৈ সক্ষম হোৱা বুলি দাবী কৰা মুখ্যমন্ত্ৰী সোনোৱালে পঞ্চায়তৰ পৰাই দুৰ্নীতিক নিৰ্মূল কৰাৰ স্বাৰ্থত কংগ্ৰেছক নিৰ্মূল কৰি বিজেপিৰ ভেটি সবল কৰিবলৈ ভোটাৰক আহ্বান জনায়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ আমোলত হোৱা দুৰ্নীতিৰ কালিমা মোচন কৰাৰ দৰেই যোৱা আঢ়ৈটা বছৰত অসমতো বিজেপি য়ে কেনেকৈ দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিছে সেইয়া অসমৰ ৰাইজে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বিজেপি নেতা অমৰজ্যোতি বৰঠাকুৰে আঁত ধৰা সভাত মুখ্যমন্ত্ৰী সোনোৱালে অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত গ্ৰামাঞ্চলৰ পৰাই বিজেপিৰ ভেঁটি শক্তিশালী কৰিবলৈ আহ্বান জনায়। কয় যে অসমৰ গ্ৰামাঞ্চল সমূহৰ উন্নয়ন ৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অগ্ৰাধিকাৰ দিব। তেওঁ কয় যে বিদেশৰ দৰেই অসমৰ গাওঁ সমূহকো সকলো প্ৰকাৰে সজাই পৰাই তুলি ধৰিব পাৰিলেহে অসমৰ গাঁৱলৈ এদিন বিদেশী পৰ্যটকৰ সোঁত বব। মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যোগেদি এখন শক্তিশালী অসম গঢ়াত ব্ৰতী হব বুলি মন্তব্য কৰে। ভোটাৰক আহ্বান জনায় তেওঁ কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক শাসনলৈ আনি দুৰ্নীতিক প্ৰশ্ৰয় নিদিব। শূন্য সহণশীল নীতি গ্ৰহণ কৰা বিজেপিয়ে কোনো দুৰ্নীতিগ্ৰস্তক প্ৰশ্ৰয় নিদিয়ে। দুৰ্নীতিগ্ৰস্ত সকল যি দলৰেই নহওঁক ৰঙাঘৰৰ ভাত খাবই লাগিব।
সভাত ভাষণ দি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিকা ভাৱমূৰ্তিৰ মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰে। আনহাতে নিজৰ কথাৰে বিতৰ্ক সৃষ্টি কৰা সাংসদ গৰাকীয়ে এখোপ আগবাঢ়ি গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বলিউদৰ অভিনেতা ছলমান খানত কৈয়ো ধুনীয়া ব্যক্তি বুলি মন্তব্য কৰি ৰাইজৰ মাজত হাহিৰ খোৰাক জগাই তোলে। এনে এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসমত সামগ্ৰিক উন্নয়ন হোৱা বুলি তেওঁ মন্তব্য কৰে। ইফালে কংগ্ৰেছক কটাক্ষ কৰি সাংসদ গৰাকীয়ে কয় কংগ্ৰেছৰ দিনত পঞ্চায়তত ৰাস্তাৰ নামত অহা আলকতৰা খায়, শিলগুটি খায় কিন্তু বিজেপিয়ে এইবাৰ কংগ্ৰেছক এইবোৰ খাবলৈ নিদিয়ে বিজেপিক ভোট দিলে ৰাইজে এইবাৰ ভাল ফল খাবলৈ পাব। নিৰ্বাচনী সভাখনত কেবিনেট মন্ত্ৰী চুম ৰংহাং,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, সাংসদ ৰাম প্ৰসাদ শৰ্মা, এমট্ৰণৰ অধ্যক্ষ ঋতুবৰণ শৰ্মা, বিজেপি নেতা অমৰজ্যোতি বৰঠাকুৰ, মোহন মহন্ত, পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, সতেন্দ্ৰ হাজৰিকা, ধনদা গগৈ, ভবেন গোস্বামী, পৰেশ বৰকাকটি, ৰুলি শৰ্মা, তুলসী শৰ্মাকে আদি কৰি লোকসকল উপস্থিত থাকে ।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি