Begin typing your search above and press return to search.

বিশ্বনাথত বৈদ্যুতিক তাঁৰত লাগি বন্য হস্তীৰ কৰুণ মৃত্যু

বিশ্বনাথত বৈদ্যুতিক তাঁৰত লাগি বন্য হস্তীৰ কৰুণ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2018 12:22 PM GMT

বিশ্বনাথৰ বৰগাং নদীৰ কাষত অৱস্থিত কাঠনিবাৰীৰ মাজগাওঁত আজি পুৱাই লাগে হুৱা দুৱা ।হাতী মানুহৰ মাজত সংঘটিত হোৱা সংঘাতৰ এক কৰুণ পৰিণতি ।প্ৰতি বছৰে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিশ্বনাথৰ বিহালী, কাঠনিবাৰী, মাজগাওঁ আদি একাংশ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চলসমূহত বন্যহস্তীৰ দলে স্থানীয় লোকে কৰা খেতি বাতি অনিষ্ট কৰাৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বন বিভাগে বৈদ্যুতিক তাৰঁ ব্যৱহাৰ কৰি খেতি বাতি অনিষ্ট কৰাৰ পৰা বিৰত ৰাখিব লৈ ব্যৱস্থা কৰি আহে বন বিভাগে কিন্তু এইবাৰো বন বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও দুৰ্ভাগ্যক্ৰমে ঘটনা সংঘটিত হোৱা উক্ত অঞ্চলত খেতি সমুহ হাতীৰ পৰা অনিষ্ট নহবৰ বাবে বন বিভাগে বৈদ্যুতিক তাঁৰ সংস্থাপন কৰাৰ আগতেই একাংশ ক্ষুব্ধ ব্যক্তিয়ে বিপদজনক বৈদ্যুতিক পৰিবাহি তাঁৰ খেতিত সংলগ্ন কৰি থোৱা ফলত নিশা ভাগত এটি হাতী বিদ্যুত স্পৰ্শ হৈ হাতীটোৱে কৰুণ মৃত্যুক সাৱটিব লগিয়া হয় ।উল্লেখ্যযে প্ৰতি বছৰে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ দলক জনাঞ্চলৰ খেতি বাতি অনিষ্ট কৰাৰ পৰা বিৰত ৰাখিব লৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও উক্ত অঞ্চলটোত সময় অনুসৰি বন বিভাগে ব্যৱস্থা নোলোৱা হেতু যোৱাকালি একাংশ লোকে নিজৰ খেতি সংৰক্ষণ কৰাৰ বাবে বিপদজনক ব্যৱস্থা গ্ৰহন কৰাৰ ফলত এই কৰুণ ঘটনা সংঘটিত হয় ।

Next Story