Begin typing your search above and press return to search.

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত সমন্বয়ৰ দিন উদযাপন

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত সমন্বয়ৰ দিন উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2018 8:16 AM GMT

অসম-অৰুণাচল সীমান্তত আজি ১০ হাজাৰ লোকৰ কণ্ঠৰে নিগৰিত হল মানুহে মানুহৰ বাবে । বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিসুঁতি নপমুৱা শাখা ছাত্ৰ সন্থাৰ লগতে অসম-অৰুণাচল সীমান্তৱৰ্তী বৃহত্তৰ তিনিসুঁতিৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজৰ সহযোগত তিনিসুঁতি সমন্বয় ক্ষেত্ৰত অসম ৰত্ন, বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সপ্তম বাৰ্ষিক মৃত্যু দিৱস উপলক্ষে সমন্বয়ৰ দিন উদযাপন কৰা হয় ।

অসম অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ তিনিসুঁতিত আজি ১০ টা ভাষাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে পৰিবেশন কৰা হয়। অসম গৌৰৱ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ সপ্তম সংখ্যক মৃত্যু দিৱসটি সমন্বয়ৰ দিন হিচাবে বিশ্বনাথ নগৰৰ পৰা ৩০ কিলোমিটাৰ উত্তৰে অৱস্হিত তিনিসুঁতিৰ নপমুৱা সমন্বয় ক্ষেত্ৰত উদযাপন কৰে সদৌ অসম ছাত্ৰ সন্হাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্হাই।

তিনিসুতিৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ছাত্ৰ সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানতে অসমীয়া, বড়ো, কাৰ্বি, আদিবাসী, নেপালী, উড়িয়া, মুণ্ডা, চাওতালী, গাৰো আৰু প্ৰজা ভাষাত সুধাকণ্ঠ গৰাকীৰ মানুহে মানুহৰ বাবে গীতটি ১০ হাজাৰ লোকে একেলগে পৰিবেশণ কৰিলে। অনুষ্টানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যক চাওতাল জনগোষ্টীৰ বাদ্যযন্ত্ৰ বজোৱা দেখা পোৱা গল ৷ ভট্টাচাৰ্যই উপস্থিত হৈ সাংবাদিক সন্মুখত কলে তিনিসুতিত ৰাইজে প্ৰমাণ কৰিলে একতা ।আমি আগৰ পৰা এনেকৈ আছোঁ আগলৈও এনেকৈ আগুৱাই যাম ।

হাজাৰ হাজাৰ ৰাইজে আদৰি আনিলে সমন্বয়ৰ ক্ষেত্ৰতলৈ । সমন্বয়স্থলীত উপস্থিত হৈ প্ৰথমে সুধাকন্ঠৰ প্ৰতিছবিত মাল্যাপন আৰু বন্তী প্ৰজ্জলন কৰাৰ পিচত ২০১৪ চনত অৰুণাছল সীমান্তৰ সোনাজুলিত উগ্ৰপন্থীৰ আক্ৰমন নিহত হোৱা ৩০ জনকৈ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে জাতি জনগোষ্টীৰ থলুৱা বাদ্য যন্ত্ৰ, খাদ্য সম্ভাৰ, জীৱন শৈলীৰে উজলি উঠে সমন্বয়স্থলী ৷ ৫ নৱেম্বৰৰ পৰা তিনিসুঁতিৰ নপমুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সমন্বয়ৰ দিন উদযাপনৰ অন্তিম দিনা হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতত সামৰণি পৰে । অনুস্থানত সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাৰ লগতে সংগঠনটোৰ ভালেসংখ্যক বিষয়ববীয়াৰ লগতে জাতি-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ আৰু বহুসংখ্যক লোক উপস্থিত হৈছে।

Next Story
চাকৰি