বিশ্বনাথৰ চাহ বাগিচাত পুনৰ নৃশংস হত্যাকাণ্ড

বিশ্বনাথৰ চাহ বাগিচাত পুনৰ নৃশংস হত্যাকাণ্ড

এসপ্তাহত দুটাকৈ হত্যাকাণ্ডই জোকাৰি গল বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা ৷ ২২ অক্টোবৰত স্বামীয়ে নিজ পত্নীক হত্যাৰ কৰাৰ ঘটনা মাৰ নৌযাওতেই সোমবাৰে নিশা পুনৰ আন এক হত্যাকাণ্ডই জোকাৰি গল সাকোমঠা চাহ বাগিছা ৷ বাগিছাখনৰ পাকা লাইনত সংঘটিত হল এক নৃশংস হত্যাকাণ্ড ৷ কনিষ্ট ভাতৃ অৰুন তাতিয়ে কুঠাৰৰে ঘপিয়াই হত্যা কৰিলে জেষ্ট ভাতৃ কেশৱ তাতীক ৷ পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ডতো সংঘটিত হোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাৰী অৰুণে ৷

পূৰ্বেও দুই ভাতৃৰ মাজত হোৱা সংঘাতৰ বাবে বহু বাৰ কাজিয়া হৈছিল দুই ভাতৃৰ মাজত ৷ মৃত কেশৱে মাৰ পিট কৰিছিল অৰুণক ৷ সোমবাৰে নিশাও দুই ভাতৃয়ে বহি একেলগে কৰিছিল মদ্যপান ৷ মদ্যপান কৰি থকা অৱস্থাতেই দুই ভাতৃৰ মাজত কাজিয়াৰ সুত্ৰপাত হয় ৷ কাজিয়া ইমানেই বাঢি গল যে অৰুণে কুঠাৰৰে ঘপিয়াই হত্যা কৰিলে কেশৱক ৷ মৃত কেশৱে সো ভৰিত পূৰ্বে দুৰ্ঘটনাবষত পাইছিল আঘাত ৷ শৰীৰত আঘাত থকাৰ বাবেই ভাতৃৰ আক্ৰমনৰ পৰা নিজকে বচাব পৰা নাছিল অসুষ্ট কেশৱে ৷ ইফালে হত্যাকাৰী কেশৱক বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা অৱ্যাহত ৰাখিছে৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com