Begin typing your search above and press return to search.

বিশ্বনাথৰ পাভৈ গাঁৱক নিকা আৰু সেউজ গাঁও হিচাপে মনোনীত

বিশ্বনাথৰ পাভৈ গাঁৱক নিকা আৰু সেউজ গাঁও হিচাপে মনোনীত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2018 10:40 AM GMT

অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অধীনত মোৰ চৰকাৰ অসমৰ দ্বাৰা আয়োজিত নিকা আৰু সেউজ গাওঁ শীৰ্ষক সজাগতামূলক অভিযান আৰু প্ৰতিযোগিতাৰ বাবে বিশ্বনাথ জিলাৰ পৰা পাভৈ গাঁৱক মনোনীত কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত আজি বিশ্বনাথ জিলাৰ পাভৈ গাৱত এই অভিযান অনুষ্ঠিত হয়।

উল্লেখ্য যে ৰাজ্যৰ প্ৰতিখন জিলাই একোখনকৈ গাঁও মনোনীত কৰি গাঁওখনত স্বচ্ছতা আৰু বনানীকৰণৰ দিশত সজাগতা অভিযান চলোৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল । আজি বিশ্বনাথ জিলাৰ পাভৈ গাৱত এই সজাগতা অভিযানৰ বাবে মোৰ চৰকাৰ অসমৰ পৰা অহা এটা দলৰ লগতে অৰণ্য মানৱ যাদৱ পায়েং উপস্থিত থাকে। বিশ্বনাথৰ উপায়ুক্ত তথা সামাজিক বনাণীকৰণৰ বিষয়া সকল উপস্হিতথকা আজিৰ এই অভিযান অৰণ্য মানৱ যাদৱ পায়েঙে গছ পুলি ৰোপনৰে আৰম্ভ কৰে।

উল্লেখ্য যে জিলাসমূহে মনোনীত কৰা নিকা আৰু সেউজ গাঁওসমূহৰ মাজত এক প্ৰতিযোগিতাও অনুষ্ঠিত হব আৰু এইসমূহৰ মাজৰ পৰা এখন শ্ৰেষ্ঠ গাঁও নিৰ্বাচিত কৰি ৩৫,০০০ টকাৰ নগদ ধনৰ লগতে মুখ্যমন্ত্ৰীৰ দ্বাৰা এখন প্ৰমাণ পত্ৰও প্ৰদান কৰা হব।

এই অভিযানলৈ মনোনীত গাঁওসমূহে স্বচ্ছতা আৰু বনানীকৰণৰ দিশত জিলাখনৰ অন্যান্য গাঁওসমূহৰ মাজত এক আদৰ্শ হিচাপে পৰিচিতি লাভ কৰিব বুলি আশা কৰে অৰণ্য মানৱ গৰাকীয়ে। স্বচ্চতাৰ দিশত ইয়াৰ আগেয়ে অৰণ্য মানৱ যাদৱ পায়েঙে বন্তি প্ৰজলন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰে। এই সভাত অঞ্চলটোৰ ৰাইজক নিকা আৰু সেউজ গাঁও অভিযানৰ বিষয়ে সজাগ কৰা হয়।

Next Story
চাকৰি