Begin typing your search above and press return to search.

বিশ্বনাথ জিলাত উপস্থিত নিৰ্বাচনী নিৰীক্ষক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 12:14 PM GMT

অসমৰ প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট দান ৫ ডিচেম্বৰত বিভিন্ন জিলাত অনুষ্ঠিত কৰা হব। বিশ্বনাথ জিলাতো স্বচ্ছ আৰু নিকা ভাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে জিলাখনত কৃষি বিভাগৰ যুতীয়া সচিব মানস নাথক,ৰাজহ আৰু দুৰ্যোগ প্ৰশমণ বিভাগৰ সহ সম্পাদক আনন্দ কুমাৰক ক্ৰমে সাধাৰণ সম্পাদক আৰু ভোটদান প্ৰক্ৰিয়া নিৰীক্ষক হিচাপে নিয়োগ কৰিছে। দুয়োজন নিৰীক্ষকে বিশ্বনাথৰ আয়ুক্তৰ কাৰ্য্যালয়ত বাহৰ পাতিব আৰু জিলাখনত নিৰ্বাচনী আচৰণ বিধি ভংগ সম্বন্ধে জিলাখনৰ জনতাৰ আপত্তি সমূহ পৰ্যালোচনা কৰিব।তাৰোপৰি দুয়োজন নিৰীক্ষকে বিশ্বনাথ জিলাখনৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহো পৰিদৰ্শন কৰিব।

বিশ্বনাথৰ আয়ুক্তৰ কাৰ্য্যলয়ত গঠন কৰা জিলাখনৰ নিৰ্বাচন নিয়ন্ত্ৰন কেন্দ্ৰটোক আৰু অধিক সক্ৰিয় কৰি তোলা বাবে স্বয়ং উপায়ুক্তও উপস্থিত থাকে। বিশ্বনাথ জিলাৰ আয়ুক্তজনে অনুসচিত জনজাতি বিকাশ বিভাগৰ সচিব দেৱ কুমাৰ কলিতাক গহপুৰ মহকুমাৰ প্ৰধান নিৰ্বাচন নিৰীক্ষক হিচাপে দায়িত্বভাৰ অৰ্পন কৰিছে। নিৰ্বাচনী নিৰীক্ষক কেইজনে জিলাখনৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত দায়িত্ব লাভ কৰা নিৰ্বাচনী বিষয়া, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ লগত নিৰ্বাচনী আচৰণ বিধি, নীতি নিয়ম,পোলিং এজেন্ট আৰু কাউণ্টিং এজেণ্ট আদি সম্পৰ্কীয় বিষয়লৈ এখন সভা আয়োজন কৰে। সভাখনত কংগ্ৰেছ,বিজেপি,অগপ আদি দলৰ প্ৰতিনিধিও উপস্থিতি থাকে। বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, সহ উপায়ুক্ত পাৰভেজ আমিনেও সভাখনত উপস্থিত থাকে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি