Begin typing your search above and press return to search.
বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

যোৱা বুধবাৰে নাজিৰা বৰতলত এদিনীয়া কাৰ্যসূচীৰে মহিলা মানসিক কেন্দ্ৰৰ পুনবাৰ্সন কেন্দ্ৰই মানৱ সমাজ কল্যানৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ । অনুষ্ঠান খনত মুখ্য অতিথি হিচাপে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকি ব্যক্তিৰ ওপৰত মানসিক স্বাস্থ্যৰ প্ৰভাৱ আদিৰ বিষয়ে ভাষন প্ৰদান কৰে ।
ইয়াৰোপৰি শিশু আৰু কিশোৰ সকলক মানসিক স্বাস্থ্যৰ সৈতে কিদৰে যুঁজ দিব লাগে,প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে সেই বিষয়ত শিক্ষক আৰু অভিভাৱক সকলক সহায় কৰিবলৈ আহ্বান জনায় । নাজিৰাৰ এচ ডি অ'(চি) আৰু অন্যান্য বহু লোকে এই সভাত অংশ গ্ৰহন কৰে লগতে জিলা উপায়ুক্তৰ পতাকা উৰুৱাৰ পিছত বাইক ৰেলীৰ আয়োজন কৰি অনুষ্ঠানৰ অন্ত পেলায় ।
Next Story