Begin typing your search above and press return to search.

বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি: উপস্থিত স্বাস্থ্য মন্ত্ৰী

বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি: উপস্থিত স্বাস্থ্য মন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Feb 2019 8:57 AM GMT

গোলাঘাটৰ শালমৰা চাহ বাগিছা চাহ বাগিছাৰ লগতে যোৰহাট আৰু দাঁতিকাষৰীয়া অঞ্চলত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হৈছে । ১০০ জনতকৈও অধিক লোক হস্পিতালত ভৰ্তি হৈ আছে ।স্বাস্থ্য বিভাগৰ তথ্য মতে মৃত্য হোৱা ৫০ জন গোলাঘাট জিলাৰ আৰু ১৯ জন যোৰহাট জিলাৰ ।

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হস্পিতালত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। বিষাক্ত সুৰা পান কৰি প্ৰায় ২০০ জন জন লোক অসুস্থ হৈ পৰিছিল আৰু মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আজি পুৱা স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি থকা শালমৰা চাহ বাগিছাৰ আৰু ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে লগতে আবকাৰী বিভাগে সুৰাৰ ঘাটিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে, বিশেষকৈ চাহ বাগিছা সমুহত ইতিমধ্যে বহু ঘাটি উৎখাত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে । লগতে মুখ্যমন্ত্ৰীয়ে আজি এই ঘটনাৰ সন্দৰ্ভত শীৰ্ষ বিষয়াৰ লগত আলোচনাত মিলিত হয়।

ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰৰ পৰা অধিক চিকিৎসকক উন্নত চিকিৎসাৰ বাবে অনা হৈছে । আদিবাসী ছাত্ৰ সন্থা সভাপতি দেবাং ওৰাঙে এই ঘটনাৰ সমগ্ৰ ঘটনাৰ বাবে আবকাৰী বিভাগক জগৰীয়া কৰিছে । যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে ।

Next Story
চাকৰি