Begin typing your search above and press return to search.

বিহালী কাণ্ডই চুই গৈছে বিধানসভাকঃ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত স্থগিত বিধানসভা

বিহালী কাণ্ডই চুই গৈছে বিধানসভাকঃ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত স্থগিত বিধানসভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Jan 2019 9:07 AM GMT

সমগ্ৰ অসমৰ লগতে ৰাষ্ট্ৰীয় মাধ্যমতে প্ৰচাৰ হোৱা এটি শিশুৱে পৰিধান কৰা ক’লা বস্ত্ৰ খুলিবলৈ বাধ্য কৰোৱা বিহালী কাণ্ডই চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ এটি অবোধ শিশুক ক’লা কাপোৰ খুলিবলৈ বাধ্য কৰোৱা এই কাণ্ডই চুই গ’ল বিধানসভাকো ৷ দিছপুৰৰ ৰজা ঘৰীয়াৰ ৰং ক’লা হোৱাৰ আশংকাত বুধবাৰে স্থগিত কৰিলে বিধানসভা ৷ মংগলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিহালীত অনুষ্ঠিত কৰা এক ৰেলীত এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া শিশুটিক পৰিধান কৰোৱাইছিল এটি ক’লা ৰঙৰ চুৱেটাৰ ৷

কিন্তু সম্প্ৰতি ক’লা পতাকাৰ প্ৰসংগই ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়ত সুৰক্ষা কৰ্মীয়ে মহিলাগৰাকীৰ শিশুটিক ক’লা পোচাক খুলিবলৈ বাধ্য কৰোৱাই৷ইফালে এই ঘটনাটোক বুধবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাত চৰ্চা কৰাৰ কাৰণে প্ৰস্তাৱ আনে কংগ্ৰেছৰ বিধায়ক আব্দুল খালেক আৰু ৰূপজ্যোতি কুৰ্মীয়ে ৷এই সন্দৰ্ভত আব্দুল খালেকে কয় যে,চৰকাৰখন ক’লা হোৱাৰ ভয়ত শিশুটোকো এৰি নিদিলে ৷কোনো ব্যক্তি অথবা শিশুৱে যি ৰঙৰেই কাপোৰ নিপিন্ধক,সেই কথাত চৰকাৰৰ হস্তক্ষেপ কৰিব লগা একো নাই ৷ এগৰাকী মহিলাক নিজৰ শিশুটোৰ চুৱেটাৰ খুলিবলৈ বাধ্য কৰোৱা প্ৰসংগটো সংবিধান বিৰোধী ৷এই সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে চৰকাৰে কোনো সাৰ্বজনিক বৈঠকত ক’লা বস্ত্ৰ পৰিধান কৰাত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই ৷ কোনো দুষ্ট চক্ৰই এনে ধৰণৰ কাৰ্য সংঘটিত কৰি চৰকাৰ ছবিখন জনতাৰ আগত বেয়া কৰিব বিছাৰে ৷

লগতে ডিজিপিক বিহালী কাণ্ডৰ তদণ্ড কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে ৷ ইফালে সদনত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পিছত বিজেপি নেতৃত্বই কংগ্ৰেছক সুঁৱৰাই কয় যে অসম আন্দোলনত আছু কৰ্মকৰ্তা আৰু নেতাক হত্যা কৰিছিল কংগ্ৰেছ চৰকাৰে ৷ইয়াৰ পিছতে সদনত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিৰ মাজতে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল ৷ইয়াৰ পিছত সদনত হোৱা অনিয়ন্ত্ৰিত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ কাৰণে দহ মিনিট সময় স্থগিত কৰে ৷ইফালে যেতিয়া পুনৰাই সদন আৰম্ভ হয় তেতিয়া অধ্যক্ষই মন্তব্য কৰে যে বিহালীৰ ঘটনা কোনো অসাধাৰণ ঘটনা নহয় ৷ এই ঘটনাৰ উপৰিও সদনত আৰু অধিক বিষয় আছে ৷গতিকে মই এই প্ৰস্তাৱ অস্বীকাৰ কৰিছোঁ ৷অধ্যক্ষৰ এই মন্তব্য পিছতে কংগ্ৰেছ সদস্য,যিয়ে বিহালীৰ ঘটনাৰ প্ৰতিবাদ কৰি ক’লা বেজ পৰিধান কৰিছিল তেওঁলোকে সদন ত্যাগ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি