বিহু সন্মিলন সমুহ অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ ভিত্তিত হব লাগিব: অসম সাহিত্য সভা আৰু এচ এ বি এচ এচ এচ

অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ ভিত্তিত বিহু সন্মিলন সমুহ অনুষ্ঠিত কৰিবলৈ অসম সাহিত্য সভা আৰু সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ বিহু সন্মিলনী সমুহলৈ আহ্বান । সোমবাৰে অসম সাহিত্য সভা আৰু সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।
অসম সাহিত্য সভা আৰু সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে দুখনকৈ বৈঠক অনুস্থিত কৰিছিল ।এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী , সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ডঃ হীৰেন দাস আৰু সাধাৰণ সম্পাদক প্ৰনৱ গোস্বামী উপস্থিত থাকে । এই দুয়োটা সংগঠনে লোৱা সিদ্ধান্ত সমুহ অসম সাহিত্য সভাৰ সাধাৰণ সভাপতি পদুম ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
সিদ্ধান্ত মৰ্মেই পদুম ৰাজখোৱায়ে বিহু সন্মিলন সমিতি সমুহক বিহু মঞ্চ সমুহৰ বেনাৰ, পুস্তিকা, বিহুতলীৰ মুখ্য দুৱাৰ আৰু বিহু মঞ্চ সমুহত শুদ্ধ অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ আহ্বান জনাই। অসমীয়া পৰম্পৰা অনুসৰি বিহু বহাগ মাহতে সমাপ্ত হয় । লগতে নিশা বিহু সন্মিলন সমূহত হোৱা অপ্ৰীতিকৰ পৰিষ্ঠিতিৰ ওপৰতো দৃষ্টি দিবলৈ আহ্বানৰ লগতে নিশা ১ বজাৰ ভিতৰত অনুস্থান সমুহ সামৰনি মাৰিবলৈও আহ্বান জনাই।
লগতে প্ৰকাশ কৰে যে বিহু হুঁচৰি, লোক নৃত্য আৰু নৃত্য, কলা প্ৰদৰ্শন আদিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান । পৰম্পৰাগত সাজপাৰ পৰিধান কৰিবলৈও আয়োজক আৰু শিল্পী সকলক আহ্বান জনাইছে । বিহু মঞ্চত যাতে কোনো ৰাজনৈতিক ক্ষেত্ৰলৈ পৰিনত নহয় আৰু অপ্ৰীতিকৰ পৰিষ্ঠিতি সংঘটিত নহবলৈ দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান । লগতে থলুৱা শিপিনীয়ে তৈয়াৰ কৰা গামোচা ব্যবহাৰ কৰিবলৈও আহ্বান জনাই।
পৰমানন্দ ৰাজবংশী য়ে অসমীয়া ভাষাতো কাৰ্যালয় সমূহত ব্যবহাৰ কথা প্ৰকাশ কৰে। লগতে ২০১৯ বৰ্ষতো মাতৃভাষা অংগীকাৰবদ্ধ বৰ্ষ হিচাপে উৎযাপন কৰিবলৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছে।
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি