ধিং এক্সপ্ৰেছ হিচাপে খ্যাত অসম কন্যা হিমা দাসৰ সাফল্যত অসমৰ লগতে সমগ্ৰ দেশবাসীয়ে গৰ্বিত অনুভৱ কৰিছে।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা ১৮ সংখ্যক এছিয়ান গেমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেত হিমাই স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।ইয়াৰ লগে লগে এছিয়ান গেমছত তিনিটাকৈ পদক জয় কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰে হিমাই।ইয়াৰ আগতে হিমাই দুটাৰ ৰূপৰ পদক জয় কৰিছিল।ভাৰতীয় দলটোত হিমাৰ লগতে পুভম্মা ৰাজু মাচেত্তিৰা,সৰিতাবেন লক্ষ্মণভাই গায়কোৱাড আৰু বিস্ময়া ভেল্লুয়া কৰথ আছিল।ভোগেশ্বৰ বৰুৱাৰ পাছত এছিয়ান গেমছত স্বৰ্ণ জয় কৰা দ্বিতীয় জন অসমীয়া হিচাপে পৰিগনিত হল হিমা।
Begin typing your search above and press return to search.