Begin typing your search above and press return to search.

বি টাউনত কুইনৰ ৰাজত্বঃ আটাইতকৈ দামী অভিনেত্ৰী বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰ

বি টাউনত কুইনৰ ৰাজত্বঃ আটাইতকৈ দামী অভিনেত্ৰী বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 10:41 AM GMT

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ কাৰণ কংগনাক এই ছবি খনৰ কাৰণে অফাৰ দিছে ২৪ কোটি টকা ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

পূৰ্বতে কংগনাৰ ফীজ আছিল ১১ কোটি টকা। কিন্তু চিমৰণ আৰু ৰংগুণ বক্স অফিচত ফ্ল’প হোৱাৰ হোৱাৰ পিছত কংগনাই ফীজৰ পৰিমাণ হ্ৰাস কৰে। বহু চৰ্চিত ছবি মণিকৰ্ণিকাৰ সফলতাৰ পিছত কংগনা ৰাণাউটে ফীজৰ পৰিমাণ বৃদ্ধি কৰে ৷ অন্যহাতে বলীউডত এয়া প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো অভিনেত্ৰীক ২৪ কোটি টকা দিয়া হৈছে ৷ ইয়াৰ পূৰ্বতে পদ্মাৱতৰ কাৰণে দীপিকা পাডুকনক ১৩ কোটি টকা দিয়া হৈছিল। বীৰে দী ৱেডিঙৰ কাৰণে কৰীনা কাপুৰ খানক ৭ কোটি টকা দিয়া হৈছিল ৷কিন্তু সম্প্ৰতি কৰীনাই ফীজ ১০ কোটি টকালৈ বৃদ্ধি কৰিছে ৷

হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ফীজ হিচাপে লয় ৬ কোটি টকা ৷ জয়াললিতাৰ বায়’পিকখন অ’ফাৰ হোৱাৰ পিছত কংগনা ৰানাউটে মন্তব্য কৰে যে মোৰ আৰু জয়াললিতাৰ কাহিনী প্ৰায় একে । মই প্ৰায়ে স্থানীয় ছবিত অভিনয় কৰিব বিচাৰিছিলো। কাৰণ আজিও অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ জনসাধাৰণে স্থানীয় ষ্টাৰ সকলকেই চাবলৈ বিছাৰে ৷ কিছুমানে দক্ষিন ভাৰত আৰু হিন্দী ছবিৰ মাজত ভেদভাৱ কৰে ৷ লগতে কংগনা ৰানাউটে কয় যে দীৰ্ঘ সময় ধৰি এখন ভাল স্কীপ্তৰ অপেক্ষাত আছিলো ৷ সম্প্ৰতি জয়াললিতাৰ বায়’পিক অফাৰ হৈছে আৰু মোৰ পছন্দও হৈছে ৷

কংগনা ৰাণাউটে প্ৰসংগতে নিজৰ বায়’পিকৰ কথা উল্লেখ কৰি কংগনাৰ বায়’পিকত কাম কৰি থকাৰ কথা উল্লেখ কৰে ৷ আৰু কংগনা আৰু জয়াললিতাৰ বায়’পিকৰ সাদৃশ্যৰ কথাও উল্লেখ কৰে ৷ আৰু অভিনেত্ৰী গৰাকীয়ে কয় যে মই সুখী যে জয়াললিতাৰ দৰে এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰত মই অভিনয় কৰিবলৈ পাইছো। উল্লেখ্য যে ছবিখন তামিল ভাষাত পুৰাৎচি থলাইবী আৰু হিন্দীত জয়া নামেৰে নিৰ্মাণ হ’ব ৷ জয়া ছবিখনৰ ডাৰেক্টৰ হৈছে এএল বিজয় ৷ জয়াৰ কাহিনী লিখিছে কেবী বিজয়ানন্দ প্ৰসাদে। কেবী বিজয়ানন্দই প্ৰথমতে মণিকৰ্নিকা আৰু বাহুবলীৰ দৰে ছবিৰ কাহিনী লিখিছিল। অন্যহাতে এই ছবিখন বলীউডৰ অন্য দুগৰাকী অভিনেত্ৰী বিদ্যা বালান আৰু ঐশ্বৰ্য্য ৰায় বচ্চনকো অফাৰ কৰিছিল ৷কিন্তু সৰ্বশেষত বলীউডৰ কুইন কংগনা ৰানাউট চুক্তি বদ্ধ হয় ছবি খনৰ কাৰণে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story