বৃহত্তৰ অসমীয়া যুৱ মঞ্চ(বিএৱাইএম)ই দাহ কৰিলে লক্ষীমপুৰ বিধায়কৰ প্ৰতিমূৰ্ত্তি

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ(বিএৱাইএম)ই দাহ কৰিলে লক্ষীমপুৰ বিধায়কৰ প্ৰতিমূৰ্ত্তি
Published on

লক্ষীমপুৰ বিধায়ক উৎপল দত্তই উত্তৰ লক্ষীমপুৰ চহৰৰ বাট-পথ নিৰ্মানৰ দিশৰ পৰা অকৃতকাৰ্য্য হৈ পৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ক্ষোভ প্ৰকাশ কৰে। এই সমস্যাকলৈ কোনো ধৰনৰ সমাধানৰ ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে লক্ষীমপুৰ বাসীয়ে এই সমস্যাত ভুগ কৰিবলগা হৈছে যাৰ বাবে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ(বিএৱাইএম)ই যোৱা সোমবাৰে চাৰিআলিৰ লক্ষীমপুৰ ছোৱালী হাইস্কুলত বিধায়কৰ প্ৰতিমূৰ্ত্তি দাহ কৰে।

প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে জিলা উপায়ুক্তৰ কাৰ্য্যলয়ৰ জেইল ৰোড চাৰিআলিৰ পৰা লক্ষীমপুৰ ছোৱালী হাইস্কুলৰ ৰোডৰ অশোচনীয় বাট-পথ সমূহ ভাল কৰাকলৈ দাবী উত্থাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com