বৃহত্তৰ অসমীয়া যুৱ মঞ্চই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰে।বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে দৌলমুখ চাৰিআলিত এন আৰ চি সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা বুলি জানিব পৰা গৈছে।সংগঠনটোৱে কয় যে ঐতিহাসিক অসম আন্দোলনত অসম আইৰ বাবে প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদক মমতা বেনাৰ্জীয়ে অপমান কৰিছে।সংগঠনটোৰ নেতৃবৃন্দই কঠোৰ সকিয়নি প্ৰদান কৰি কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সচিব মমতা বেনাৰ্জী অসমবাসীৰ স্বাভিমানৰ লগত খেলা কৰিছে কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰন কৰিবৰ বাবে।দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কেন্দ্ৰীয় আৰু ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দুখনে বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনিত হোৱা অসমৰ খিলঞ্জীয়া লোক সকলক ৰক্ষাৰ বাবে এনআৰচি প্ৰকাশ কৰিছে।সংগঠনটোৱে তৃণমূল কংগ্ৰেছ দলৰ লগতে মমতা বেনাৰ্জীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।
Begin typing your search above and press return to search.