Begin typing your search above and press return to search.
‘বেপানাহ’ ধাৰাবাহিক খনৰ ১০০খণ্ড সম্পূৰ্ণ

কিছুমাহ পূৰ্বেই,কালাৰ্ছ চেনেলৰ জনপ্ৰিয় "বেপানাহ" ধাৰাবাহিক খনে ১০০টা খণ্ড সম্পূৰ্ণ কৰি দৰ্শকৰ মন মোহাৰ লগতে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। টেলী টাউনৰ হেনচম হাংক হৰশ্বাদ চোপ্ৰা আৰু জেনিফাৰ উইংগেটৰ লগতে ধাৰাবাহিক খনৰ সকলো সদস্যই এই বৃহৎ সফলতাৰ ধুমধামেৰে পালন কৰিলে।
ধাৰাবাহিক খনৰ কাহিনী ভাগ অতি সুন্দৰ ভাৱে আগবঢ়াই নিয়াত ধাৰাবাহিক খনৰ সকলো সদস্যই চেষ্টা কৰিছে আৰু এই চেষ্টায়ে সাফল্য লাভ কৰিছে।মায়া ওৰফে জয়া চৰিত্ৰটিত অভিনয় কৰিছে জেনিফাৰে আৰু আদিত্য নামৰ চৰিত্ৰটিত হৰশ্বাদ চোপ্ৰাই অভিনয় কৰিছে। তেওঁলোকৰ মাজৰ প্ৰেমৰ সম্পৰ্ক টো অতি সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে ধাৰাবাহিক খনে।
আশা কৰা হৈছে অনাগত সময়ত ধাৰাবাহিক খনে অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব।
Next Story