Begin typing your search above and press return to search.

বৈশিষ্ট ধৰ্মী ছবি প্ৰসাৰত গুৰুত্ব প্ৰদান অসমীয়া ছবি জগতত

বৈশিষ্ট ধৰ্মী ছবি প্ৰসাৰত গুৰুত্ব প্ৰদান অসমীয়া ছবি জগতত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 April 2019 9:31 AM GMT

গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰিমিয়াৰত বৈশিষ্টবাদী আৰু নিসংগতাৰ ওপৰত ভিত্তি কৰা ছবিয়ে বিশেষ সমাদৰ লাভ কৰে। তিনিটা কাহিনীৰ ওপৰত আধাৰিত " যি গল্পৰ শেষ নাই " ছবি খনে বিশেষ সমাদৰ লাভ কৰে।

অসমৰ পটভুমিত ৰচিত , এজনৰ অবক্তব্যয়ে আন জনক প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে । প্ৰদুৎ কুমাৰ ডেকাৰ পৰিচালিত ছবি "অৰ্ধ সত্য " ছবিখনৰ কাহিনী গায় ডে মাওপাচেন্টে লিখা এটা কাহিনীৰ ওপৰত আধাৰিত । পংকজ মহন্ত আৰু কল্পনা কলিতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

প্ৰশান্ত শইকীয়া পৰিচালিত ছবি " ইপিতাফ"ত হিমাংশু প্ৰসাদ দাসে নায়কৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ কাহিনী সাহিত্য একাডেমি বঁটা প্ৰাপক অথা সাংবাদিক হোমেন বৰগোহাঞিৰ কাহিনীৰ ওপৰত আধাৰিত। যত সংগ্ৰাম কৰা এগৰাকী লেখক আৰু তেওঁৰ প্ৰেম জীৱনৰ ওপৰত আলোকপাত কৰা হৈছে ।

তৃতীয় খন ছবি " প্ৰশ্নবোধক "। ফ্ৰান্স উপন্যাসিক হনৰে দে বালজেকৰ কাহিনীৰ ওপৰত আধাৰিত ছবি খন। উৎপল দত্তয়ে ছবি খন পৰিচালনা কৰিছিল। উৎপল দত্ত এজন স্বাধীন ছবি নিৰ্মাতা। তেওঁ কয় যে নিসংগতা মানুহৰ জীৱনৰ এটা অংশ । নিসংগতা ছবি বাবে অস্বাভাৱিক বিষয় হব পাৰে। কিন্তু নিসংগতা মানুহৰ জীৱনৰ এটা মৌলিক অংশ।

লগতে উৎপল দত্তয়ে প্ৰকাশ কৰে যে "যি গল্পৰ শেষ নাই " ছবিখন তিনিটা কাহিনী সন্নিবিষ্ট আছে। প্ৰত্যেক কাহিনীৰে বেলেগ বিষয় বস্তু । এনে ধৰণৰ ছবিয়ে অসমীয়া ছবি জগত খনত এক নতুন পটভুমিৰ সৃষ্টি কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি