Begin typing your search above and press return to search.

ব্যস্ততাৰ মাজতে যাওঁক জাপানৰ চেৰয়ু মিহাৰাশীলৈঃ লওঁক মনৰ আনন্দ

ব্যস্ততাৰ মাজতে যাওঁক  জাপানৰ চেৰয়ু মিহাৰাশীলৈঃ লওঁক মনৰ আনন্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 11:39 AM GMT

জাপানৰ চিৰয়ু মিহাৰশী বিশ্বৰ সকলোতকৈ পৃথক ৰেলৱে ষ্টেশ্যন ৷ কিন্তু এই স্থানত নাই কোনো ৰেল’ৱে ষ্টেশ্যন আৰু কোনো যাৱতীয় সা সুবিধাৰ তথ্য দিব পৰা হেল্প লাইন ৷ নিশিকী নদীৰ ওপৰত নিৰ্মাণ কৰা এই ৰেলৱে ষ্টেশ্যনত সোমোৱা আৰু ওলোৱা কোনো পথ নাই। য়ামাগুচী প্ৰান্তত নিৰ্মাণ কৰা এই ৰেল’ৱে ষ্টেশ্যনত পৰ্য্যটকসকলে একমাত্ৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ যায়। চীৰয়ু মিহাৰশী একীত পৰ্য্যটকসকলে সুন্দৰ আৰু চাফা পানীৰ নিজৰা দেখিবলৈ পোৱা যায় ৷

ইয়ালৈ কেৱল ৰেলেৰে যাত্ৰা কৰিব পাৰে ৷ ষ্টেশ্যনটি এনেদৰে নিৰ্মাণ কৰিছে যে সেইঠাইলৈ যোৱা লোকসকলে সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰে। আৰু পুনৰাই ট্ৰেইনত উঠিব পাৰে ৷ কাৰণ ইয়াত কোনো ধৰণৰ থাকিব পৰা ব্যৱস্থা নাই। অন্যহাতে এই ষ্টেশ্যন কেৱল মাত্ৰ ১৭ মাৰ্চত মুকলি কৰে ৷ ইফালে গুগল মেপটো এই ষ্টেশ্যনক যোগাযোগ কৰা নাই ৷ ২০১২ চনত ইয়াৰ আশে পাশে থকা কিছু অংশক প্ৰকৃতিৰ পাৰ্ক ঘোষিত কৰে ৷ ইয়ালৈ অহা পৰ্যটকসকলে কেমেৰাৰ দ্বাৰা সুন্দৰ পৰিবেশক ধৰি ৰাখিবলৈ কেতিয়াও নাপাহৰে।

জাপানৰ লোকসকলৰ কাৰণে এই ঠাইখন পানী আৰু সেউজীয়া পৰিবেশৰ কাৰণে বিখ্যাত ৷ ইয়াত চাৰিখন ট্ৰেইন গুলপীয়া,সেউজীয়া, নীলা,হালধীয়া ৰঙৰ দেখিবলৈ পোৱা যায়। বসন্ত কাল যেতিয়া প্ৰকৃতিলৈ আগমন ঘটে তেতিয়াই এইঠাইখন হৈ পৰে সকলোতকৈ সুন্দৰ৷ষ্টেশ্যনৰ উপৰিও এনেধৰণৰ কিছু অঞ্চল আছে য’ত পৰ্য্যটকসকলে ট্ৰেইনৰ পৰা নামি প্ৰকৃতিৰ আনন্দ উপভোগ কৰিব পাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি