ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ দুই যুৱক

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ দুই যুৱক
Published on

কামৰূপৰ বাথানত আজি দিনৰ ভাগত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হয় দুজন যুৱক। চাৰিজন বন্ধুই একেলগে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰলৈ। স্থানীয় ৰাইজৰ তৎপৰতাত ৰাইজে দুজন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে দুজন যুৱক এতিয়াও নিখোজ হৈ আছে।

এই যুৱক দুজনৰ সন্ধানত শুৱালকুচি নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। নিখোজ হৈ থকা ল'ৰা দুজন ক্ৰমে কৌশিক কাকতি আৰু দ্বীপন বৈশ্য। উদ্ধাৰ হোৱা যুৱক দুজন ক্ৰমে জিন্টু বৈশ্য আৰু মনদ্বীপ বৈশ্য আৰু যুৱক দুজনক ততাতৈয়াকৈ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

নদী আৰক্ষী আৰু এচ দি আৰ এফ বাহিনীয়ে যুটীয়া ভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও নিখোজ হোৱা যুৱক দুজনৰ এতিয়ালৈ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। উক্ত ঘটনাৰ পিছতে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com