ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উদ্যোগত হাটশিঙিমাৰীত ছাফাই অভিযান

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উদ্যোগত হাটশিঙিমাৰীত ছাফাই অভিযান
Published on

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযানৰ অধীনত উপ সংমন্ডল ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাৰ্যালয় প্ৰাঙ্গনত হাটশিঙিমাৰী অডিটৰিয়ামহল আৰু হাটশিঙিমাৰীৰ পৰা জিলা অসামৰিক চিকিৎসালয়ৰ পথলৈকে যোৱা ২৯ তাৰিখত পুৱা ৮ বজাৰ পৰা ১১টা বজালৈকে ছাফাই অভিযান সম্পূৰ্ণ কৰা হয়।

কাৰ্য্যসুচীত মহকুমাধিপতি চৈয়দ নিচাৰ কাকি উপস্থিত থাকি কয় যে সচ্ছতাই মানুহৰ ৰোগ নিৰাময় কৰে আৰু মন উৎফুল্লিত হয় লগতে এনে কাৰ্যৰ বাবে জিলাখনৰ সকলো শ্ৰেণীৰ লোকক আগুৱাই আহিবলৈ তেখেতে অনুৰোধ জনায় ।এই অভিযানত হাটশিঙিমাৰীৰ উপ সংমন্ডল ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সকলো কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com