Begin typing your search above and press return to search.

বড়ো মাধ্যম ধ্বংস কৰাৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ; আবছু

বড়ো মাধ্যম ধ্বংস কৰাৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ; আবছু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2018 7:00 AM GMT

অসম চৰকাৰে বড়ো মাধ্যম আৰু বড়ো ভাষা ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে বুলি যোৱা সোমবাৰে সদৌ বড়ো ছাত্ৰ ইউনিয়ন(আবছু)ৱে অসম চৰকাৰক কঠোৰ সমালোচনা কৰি অভোযোগ প্ৰদান কৰে।যোৱা সোমবাৰে কোকৰাঝাৰৰ বড়োফা হাউছত অনুষ্ঠিত সংবাদ মেল এখনত আবছুৰ শিক্ষা সম্পাদক কাস্তম বসুমতাৰীয়ে মত প্ৰকাশ কৰি কয় যে,অসমৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে।তেওঁ কয় যে,১১ খন জিলাৰ ৫১৭ভেঞ্চাৰ এলপি স্কুল,১৪৯ ভেঞ্চাৰ এমই স্কুল আৰু ১০৩খন ভেঞ্চাৰ হাইস্কুল আছে।সদৌ বড়ো ছাত্ৰ ইউনিয়ন(আবছু)ৱে কয় যে,ইতিমধ্যে কৰা পৰ্যবেক্ষনত বৰ্তমান ৰাজ্যত থকা ১১ খন জিলাৰ বড়ো মাধ্যম বিদ্যালয় সমূহে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে।কোকৰাঝাৰ জিলাত ১২৮খন ভেঞ্চাৰ এলপি স্কুল,২৩খন ভেঞ্চাৰ এমই স্কুল,১৩খন ভেঞ্চাৰ হাইস্কুল,৮৪খন এজন শিক্ষকৰ দ্ধাৰা পৰিচালিত স্কুল,৪৪খন এমই স্কুলৰ বিজ্ঞান শিক্ষকৰ পদ খালী,১৮খন এমই স্কুলৰ হিন্দী শিক্ষকৰ পদ খালী,৪২খন এমই স্কুলৰ সহ শিক্ষকৰ পদ খালী হৈ আছে।এনেকৈ বহু পদ খালী হৈ আছে বিদ্যালয় সমূহত।

সেই একেদৰে আন জিলা সমূহতো বহু পৰিমানৰ শিক্ষকৰ পদ খালী হৈ আছে।সেয়ে আবছুৱে অসমৰ বড়ো মাধ্যমৰ ভিন্ন সমস্যা সমূহৰ সমাধানৰ বাবে ৩১আগষ্টলৈ এক সীমাৰেখা প্ৰদান কৰিছে।অন্যাথা আবছুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এক সবল গন উত্তেজনামুলক মনোভাৱ গ্ৰহন কৰিব বুলি মত প্ৰকাশ কৰে বসুমতাৰীয়ে।

ইয়াৰ উপৰিও অসমত খালী হৈ থকা পদ নাইবা আসন সমূহ পূৰন কৰিবলৈ দাবী উত্থাপন কৰে আৰু লগতে এজন শিক্ষক থকা বিদ্যালয় সমূহত গণিত,হিন্দী,বিজ্ঞানৰ শিক্ষক নিয়োগৰ ব্যৱস্থা কৰিব লাগে বুলিও মতপোষন কৰে।

Next Story
চাকৰি