বয়স মাথো এটি সংখ্যাহে;কৈশ্যলা দেৱী

জীৱনটো গতিশীল,সময়ৰ সৈতে আগবাঢ়ি নিজ নিজ কৰ্ম পালন কৰাই হৈছে মুখ্য কৰ্তব্য ।প্ৰতিটো দিন যোৱাৰ পিছতে এটা নতুন দিনৰ সূচনা হয় ।জীৱনটো বৰ কঠিন আৰু এই কঠিন পৰিস্থিতিৰ মাজেৰে হলেও জীৱনটো পাৰ কৰিবলগীয়া হয় । আমাৰ প্ৰতিটো ৰাতিপুৱাটো আৰম্ভ হয় এক নতুন নতুন সপোনৰ সৈতে আৰু সেই সপোন বাস্তৱত পৰিনত কৰিবলৈ দিনটো সুন্দৰকৈ আৰম্ভ কৰে ।
আমাৰ আজিৰ কাহিনীভাগ হৈছে এনে এগৰাকী মহিলাৰ যিগৰাকী মহিলাৰ বাবে ৰাতি ঠিকে হয় কিন্তু পিছদিনা পুৱা শুই উঠি সূৰ্য্যটি তথা এটি নতুন দিন দেখা পাব নে নাই তাৰে কোনো ঠিকনা নাথাকে । হয়,হিমাচল প্ৰদেশৰ কাংগৰা শ্বাহপুৰ কচবেৰ পৰা ২০কিল'মিটাৰ নিলগত থকা জলাদী গাৱঁৰ বাসিন্দা ৮৭বছৰীয়া কৈশেল্যা দেৱী নামৰ এগৰাকী মহিলাৰ বিষয়ে আলোচনা কৰা হ'ব যিগৰাকী মহিলাই এখন খালী কাগজ মেৰিয়াই লৈ কেলুৰ ঘৰৰ খিড়ীকিত লগাই থয় আৰু ৰাতিপুৱা ভাগত সেই কাগজৰ ঠুকুৰাটো খিড়ীকি খনৰ পৰা আতৰাই আনি জীয়াই থকাৰ কথা জনায় আৰু তেতিয়াহে ওচৰ চুবুৰীয়াই স্বস্তিৰ নিশ্বাস পেলায় যে আজি সকলোবোৰ ঠিকেই আছে ।
কৈশ্যলা হিমালয়ৰ যিখন পাহাৰীয়া গাঁৱত বসবাস কৰে সেই পাহাৰত জীৱন কটোৱা কোনো সাধাৰন কথা নহয় । তেওঁৰ গাঁৱখন হিমালয়ৰ ওচৰৰ পাহাৰৰ ৬০০মিটাৰ ওপৰত অৱস্থিত । এনে ঠাইত অৱস্থিত তাতে কৈশ্যলাৰ বয়সে এনেকুৱা ঠাইত বসবাস কৰা অতি প্ৰত্যাহ্বানমূলক। তেওঁৰ কোনো পৰিয়াল বৰ্গ তথা সংগী নাই বৰঞ্চ তেওঁ এগৰাকী বিধৱা আৰু তেওঁ অকলেই বাস কৰে ।সেয়ে ওচৰ চুবুৰীয়া সকলে তেওঁকলৈ চিন্তা কৰে আৰু সেয়ে কৈশ্যলাই প্ৰতিদিনাই জীয়াই থকাৰ সংকেত দিয়ে ওচৰ চুবুৰীয়া সকলক । আজিৰ পৰা চাৰি বছৰ আগতে দৈনিক মজুৰি কৰা কৈশ্যলাৰ স্বামী মৃত্যু হয় আৰু স্বামীৰ মৃত্যুৰ পিছতে ৪৭বছৰীয়া পুতে বুধী সিঙেও তিনিবছৰৰ পিছত ঘৰ এৰি গুচি যায় আৰু বৰ্তমানলৈ উভতি নাই অহা ।কিন্তু জীৱনটো স্তব্ধ হ'ব সেয়ে এই ভঙা-ফুটা ঘৰটিত বেছি ভাগ সময় অকলে থাকে আৰু পুতেক ঘূৰি আহিব বুলি বাট চায় ৰৈ থাকে ।
কিন্তু এতিয়া বয়সৰ লগে লগে শৰীৰটোও কমযোৰ হৈ পৰে আৰু কথাও ভালদৰে কব নোৱাৰা হৈছে ।
কৈশ্যলাৰ এই জীৱন অতি কঠোৰ সেয়ে ওচৰ চুবুৰীয়া লোক সকলেও মানৱতা ধৰ্ম ভালদৰে পালন কৰি আহিছে অৰ্থাৎ প্ৰতিদিনাই তেওঁৰ খবৰ লোৱাৰ চেষ্টা কৰি আহিছে ।
এদিনাখন কৈশ্যলা বেমাৰত পৰে আৰু সেই দিনাৰ পৰাই ওচৰ চুবুৰীয়াক এটুকুৰা খালী কাগজ খিড়ীকিত লগাই সুস্থ তথা জীয়াই থকাৰ সংকেত প্ৰদান কৰে ।
সমাজ সেৱক সঞ্জয় শৰ্মাই কৈশ্যলাৰ এই পৰিস্থিতি দেখি মত প্ৰকাশ কৰি কয় যে; কৈশ্যলাৰ ঘৰৰ অৱস্থা অতি সংকটজনক অৱস্থাত আছে । তেওঁৰ ওচৰত থকা চুবুৰীয়াই হৈছে একমাত্ৰ সহায়ক । তেওঁক যিসকল লোকে সহায়ৰ হাত আগবঢ়াই আছে সেই সকলৰ লোকৰ পৰা আৰ্থিক সুবিধাও লাভ কৰিব বুলি তেওঁ আশা কৰে বুলি মত প্ৰকাশ কৰে সমাজকৰ্মী গৰাকীয়ে ।
সচাঁই কৈশ্যলা দেৱী এগৰাকী সকলোৰে বাবে প্ৰেৰনাৰ উৎস ।ইমান খিনি কঠিন সময় পৰিস্থিতিৰ সন্মুখীন হৈও তেওঁ এক আশা লৈ জীয়াঁই থাকিব পাৰিছে ।